Assamese Song: Tumi Mur Prerona
Singer: Bhupen Hazarika (Duet)
Film/Album: Anjali
Music Director: Prasanta Bardoloi
Year : 1984
ভূ:হা: তুমি
মোৰ প্ৰেৰণা
তুমি মোৰ
বাসনা
বননিত
যিদৰে ফুলৰ হালে জালে !
বননিত
যিদৰে ফুলৰ হালে জালে !
চেনেহত মন ডোলে
নাৰী: তুমি
মোক নেচাবা
লাগে
লাজ অজানা
হৃদয়ত
যিমানে আশা ভৰি পৰে !
হৃদয়ত
যিমানে আশা ভৰি পৰে !
দুচকুত
লাজ লাগে
ভূ:হা: তুমি
মোৰ প্ৰেৰণা ৷
ভূ:হা: তোমাৰে
খোজটি ৰচকী পখিলী
মনটি
কেনিনো উৰে !
নাৰী: তোমাকে
বিচাৰি পায় কিবা এটি
হৃদয়
উলাহেৰে ভৰে !
ভূ:হা: অ’..
তোমাৰে হাঁহিটি..
নাৰী: ও..
ভূ:হা: ফুলৰে
পাপৰি
নাৰী: ও
ও ও..
ভূ:হা: তুলনা
কৰো কিহেৰে !
নাৰী: তোমাৰ
মৰমে হৃদয় ফুলনি
ধুনীয়া
কৰিব পাৰে
দুয়ো: নয়নত
যিমানে সপোন ভৰি পৰে !
নয়নত
যিমানে সপোন ভৰি পৰে !
নাৰী: পৰাণত
ভুল লাগে
ভূ:হা: তুমি
মোৰ প্ৰেৰণা
নাৰী: ও..
ভূ:হা: তুমি
মোৰ বাসনা
নাৰী: ও
ও ও..
ভূ:হা: বননিত
যিদৰে ফুলে হালে জালে !
বননিত
যিদৰে ফুলে হালে জালে !
চেনেহত মন ডোলে
তুমি মোৰ
প্ৰেৰণা ৷
ভূ:হা: তোমাৰে
ছবিটি
নাৰী: ও..
ভূ:হা: আঁকিব
নোৱাৰি
নাৰী: ও
ও ও..
ভূ:হা: ইয়াতে
কিনো আছে ?
নাৰী: মনৰে
দাপোনত নিজকে দেখিলে
কেনিও
চাব নেলাগে !
ভূ:হা: অ’...
তোমাৰে পৰশত
ফুলবোৰ
ফুলিলে
সুবাসে
উতলা কৰে
নাৰী: জীৱন
এখনি ধুনীয়া ফুলনি
মনে
মনে মিলি গ’লে !
দুয়ো: পৰাণত
যিমানেই আপোন ভাৱাহে !
পৰাণত
যিমানেই আপোন ভাৱাহে !
নাৰী: ভাৱিলে
ভাল লাগে
ভূ:হা: তুমি
মোৰ প্ৰেৰণা
নাৰী: ও..
ভূ:হা: তুমি
মোৰ বাসনা
নাৰী: ও
ও ও..
ভূ:হা: বননিত
যিদৰে ফুলৰ হালে জালে
বননিত
যিদৰে ফুলৰ হালে জালে
চেনেহত মন ডোলে
!
নাৰী: তুমি
মোক নেচাবা
লাগে
লাজ অজানা
হৃদয়ত
যিমানে আশা ভৰি পৰে !
হৃদয়ত
যিমানে আশা ভৰি পৰে !
দুচকুত
লাজ লাগে
ভূ:হা: তুমি
মোৰ প্ৰেৰণা
নাৰী: ও
ও ও..
ভূ:হা: তুমি
মোৰ বাসনা
নাৰী: ও
ও ও..
ভূ:হা: তুমি
মোৰ প্ৰেৰণা
নাৰী: ও
ও ও..
ভূ:হা: তুমি
মোৰ বাসনা
নাৰী: ও
ও ও..
ভূ:হা: তুমি
মোৰ প্ৰেৰণা ৷৷
বোলছবি/এলবাম: অঞ্জলি
গায়ক/গায়িকা: ভূপেন হাজৰিকা (দ্বৈত কন্ঠত)
সংগীত
পৰিচালক:
প্ৰশান্ত বৰদলৈ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment