অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

সোণে যেন সুধিছে


সোণে যেন সুধিছে অকণি মনেৰে
মৰম কৰাজন নো কোন ?
বুকুৰ উমেৰে আশাৰ চাৱনিৰে
কিয়নো বুলিছে সোণ ?
মৰম কৰাজন সঘনাই ভাবিছে
সোণৰ জনমটো নো কি ?
বিনা অনুমতিত ঘৰলৈ সোমালেও
বচাম চেনেহ ঢালি দি
জনমৰ সাঁথৰক ভাঙিব নোৱাৰোঁ
নিজৰো ক্ষমতা নাই
সেই বুলি জানো জনম লোৱা জনক
অহাত বাধা দিব পায় ?
ফেহুঁজালিত আহে নতুন সপোন
হেঙুল কিৰণ ভাঁহে
চন্দ্রই ভাবে তেওঁৰহে সপোন
সূৰুযে অকলে হাঁহে ৷

(কলকাতা, ১৯৭৭ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: