অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অৰুণ কিৰন শিৰৰ ভূষণ


অৰুণ কিৰন শিৰৰ ভূষণ
গালে হিমৰ ধল
পুৱাৰ সূৰুযে চুমা খোৱা দেশ
আমাৰ অৰুনাচল ৷

      কামেং চিয়াং লোহিত আৰু
      টিৰাপ সোৱণশিৰী
      চিৰ জ্যোতিৰ কুসুম ৰূপে
      শোভে হিমগিৰি ৷

পঞ্চ ফুলৰ থোপা সাজি
আনন্দ উচ্চল
পুৱাৰ সূৰুজে চুমা খোৱা দেশ
আমাৰ অৰুনাচল ৷৷

(জিৰো, অৰুনাচল : ২০ ফেব্রুৱাৰী,১৯৭২ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ :  দিগন্ত শইকীয়া

No comments: