ঝক্ ঝক্ ৰেল চলে
মোৰ
ৰেল চলে মোৰ ৰেল
চলে
সাম্য ৰিঙিয়াই,
শান্তি উকিয়াই
ৰেল চলে ৷
ফায়াৰ মেন্ মই
দপ দপ অগনিৰ
তেজ ৰঙা বৰণৰ
কয়লাৰ পাত্র
হাতেৰে খামুচি
ধৰি
বয়লাৰ দুগুণে
জ্বলাওঁ
দেহা মোৰ জ্বলে
জ্বলে ৷
চিগনেল মেন মই
ক’লা ক’লা কয়লাৰ ধূলি লাগি ক’লা পৰা
বাহুৰ শকতিৰে
শোষণৰ কণা বাট
হোঁহকাই থৈ মই
সময়ৰ আলিটিৰ
নিচান উৰাওঁ
শোষন দূষিত বায়ু
ফালে ফালে ৷
ড্রাইভাৰ লাইনচ্
মেন
বনুৱা কেৰাণী মই
ৰাতি নাই, দিন নাই , চকুত টোপনি নাই
হায়, হায়, হায়
খং উঠি ৰঙা পৰা
চকুত কয়লা পৰি
দৃষ্টিক দুগুণে
জ্বলাওঁ
কাম কৰি মই
ভাগৰি পৰিলোঁ
পেট মোৰ জ্বলে , জ্বলে ৷
যন্ত্র যুগৰ
সুমহান কৃষ্টিৰে
মানুহৰ মুক্তিৰ
গঢ়িম সোপান
নতুনৰ গতি খেদি
বাহুৱে বাহুৱে বন্ধা,
আকাশ পৰশি যোৱা
একতাৰ বান্ধোনক
ৰুধিব কোনে ?
সাম্যৰ ধুমুহাই
ঠেলে ঠেলে ৷৷
( ১৯৪৯ চনত চিকাগোৰ ৰেল ষ্টেচনত ৰচা ৷১৯৫৩
চনত ভাৰতৰ পৰা চীনলৈ যোৱা সংস্কৃতিক দলৰ সদস্য দিলিপ শৰ্মাক গাবলৈ সুৰ দিয়া
হয় ৷)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment