সিদিনা..
আঠ
নৱেম্বৰ উনৈছ শ বাসত্তৰ চনত লিখিছিলোঁ ...
তৰ্ক
নকৰোঁ মই, শেষ হ’ল তৰ্ক
এই
গীত সতৰ্ক কৰাৰ
নানিবি
অসমলৈ ত্রাস পৰিবেশ
ধ্বংস
যজ্ঞ জ্বলোৱাৰ ৷
কাৰো
প্রতি বিদ্বেষ, কাৰো ভাষা অৱহেলা
লক্ষ
নহয় আমাৰ
এই
গীত নুবুজিলে শত গীত লিখি যাম
জগাই
লুইতৰে পাৰ ৷
আজি
লিখিছোঁ..
উনাশী
আশীত লুইতপৰীয়া দলে
সহস্র
কন্ঠেৰে ক’লে
অহিংস
নীতিৰেই কৰিম সংগ্রাম
যাওকগে
জীৱনটো গ’লে ৷
খৰ্গেশ্বৰৰ
কোমল বুকুত
শোষন
শাণিত অস্ত্র;
তেজাল
ডেকাৰ তেজ বেগেৰে বলে
দেহত
শুকুলা বস্ত্র !
(এই)
সংবাদ শুনিয়েই অসমবাসীৰ
কালিকা
চৰিল যেন গাত
অগণন
ৰাইজে সমদল সজালে
জীৱনটো
কৰিও পাত ৷
দুলিয়াজানত
গ’ল অজিত নেওগ
নগেন
ডেকা আৰু কুমুদ গগৈ
বাগান
পাৰাৰ দিলীপ হুজৰীও
বীৰ
দৰ্পে গুচি গ’লগৈ
আৰু
কত শত জনে, মৰণক নেওচি
নিতে
নৱ কৰিছেহি পণ
পোহৰ
সন্ধানী অগ্নিশিখাত
উজলিছে
জন অগণন ৷
মৃত্যু
পণেৰেই, উলিয়াব লাগিবই
জীয়াই
থকাৰ এটি বাট ;
এই
সংগ্রাম
শেষ
সংগ্রাম
এইয়েই
শেষ
শৰাইঘাট !
[ ভূপেন
হাজৰিকাদেৱে এই গীতটো ১৯৭৯ চনত আৰম্ভ হোৱা অসমীয়াৰ গণ-আন্দোলনত ৰাইজক উদ্গনি দিবলৈ
লিখা ]
(তৰাজান,
যোৰহাট,উনৈছ মে, ১৯৮০ চন)
(ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া)
No comments:
Post a Comment