অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

ডিফু হ'ল তোমাৰে নাম (দ্বৈত কন্ঠত)


নাৰী:            ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
দুয়ো:           ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
নাৰী:           লুইতপৰীয়া ভাই-ভনীৰ লোৱা নমস্কাৰ হে !
দুয়ো:           ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ

ভূ:হা:          শুৱলা কাৰবি ভাষাত হে ..কাৰ্বি মানে পাহাৰ !
আৰ্লেং মানে মানুহ আৰু স্বজাতি আমাৰ হে !
দুয়ো:           ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
নাৰী:           ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা:          কাৰ অৰ্থে পোহৰ আৰু বি মানে কৰ্ম্ম
কাৰবি জাতিৰ আদৰ্শ হ কৰ্ম্ম মানে ধৰ্ম্ম হে
 দুয়ো:         ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
নাৰী:           ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা:          হে দেৱতাৰ পূজাৰ বেদীত হে শৰাই আগ বঢ়ায়
সেহি প্রথাক থেকাৰকিবি বুলি জনা যায় হে
 দুয়ো:         ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
নাৰী:           ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা:          এ কালক্রমত এহি শব্দৰ থে লুপ্ত হয়
কি শব্দ লুপ্ত হৈ কাৰবি মাথোঁ ৰয় হে !
 দুয়ো:         ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
নাৰী:           ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা:          উনৈছ শ একাৱন্ন চনত হে নিজেই শাসন কৰা
জিলা প্রথক কৰা হি সত্তৰ চনৰ পৰা হে !
 দুয়ো:         ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
                   ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা:          লুইতপৰীয়া ভাই-ভনীৰ লোৱা নমস্কাৰ হে !
 দুয়ো:         ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
                   ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
কথা:
ভূ:হা:          ছয়সত্তৰৰ অক্টোবৰৰ চৈধ্য দিন গৈলা
জিলাৰ নাম কাৰবি আংলং হৈলা
এনেদিনত ছেনচন ছিঙৰ হৈলা আৱিৰ্ভাৱ
জাতিৰ খনিকৰ হৈ বিস্তাৰে প্রভাৱ
চমাংকান উৎসাৱত নাচ চমাঙকান হয়
ডেকা গাভৰুৱে নাচি ধৰিত্রী কঁপায় ,
ৰং বং তেৰাং আৰু ৰংপি কতজনে
আমাক বুকুত সাৱটি সপোন ৰহণ সানে ৷
গীত:
ভূ:হা:          ভাইটি ছামছিঙৰ হে হাইমু কাহিনী
লুইতপৰীয়া সহস্রই আজি পালে চিনি হেই
দুয়ো:           ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
                   ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ

ভূ:হা:          এ ৰংবঙে সোঁৱৰাই কাৰবিৰে দান
ৰংমিলিৰ হাঁহি হৈলা চিৰ জ্যোতিষ্মান হেই
দুয়ো:           ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
                   ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
ভূ:হা:          আজি লাংহিনা নগৰ হে ভৈলা জাতিষ্কাৰ
গীতিকাৰ ভূপেন্দ্রই যাচে নমস্কাৰ
দুয়ো:           ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
                   ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
                   লুইতপৰীয়া ভাই-ভনীৰ লোৱা নমস্কাৰ হে !
                   ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ
                   ডিফু হ'ল তোমাৰে নাম হওক মঙ্গল তোমাৰ ৷৷

(ডিফু,১৯৮২)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: