দি:শ: অ’ মোৰ মলুৱা ৰে..
অ’ মোৰ ... মলুৱা ৰে….
মোৰে মলুৱাক কোনে মাৰিলা হায় অ'
হায় মোৰ মলুৱা হে ... ৷
কি এ... বিয়া বিয়া কৰে তাই
বৈচাসকল: হায় অ' হৰি
দি:শ: অ' বিয়ানো কৰালোঁ মই
বৈচাসকল: হায় অ' হৰি
দি:শ: অ' বিয়া বিয়া কৰে তাই
বৈচাসকল: হায় অ' হৰি
দি:শ: অ' বিয়ানকৰালোঁ মই
বৈচাসকল: হায় অ' হৰি
দি:শ: অ’ বিয়াৰো খৰচ-পাতি নাই হে মলুৱা ৰে..
সকলোৱে অ’ বিয়াৰো খৰচ-পাতি নাই হে মলুৱা ৰে..
(হেই) মোৰে মলুৱাক কোনে মাৰিলা হায় অ'
হায় মোৰ মলুৱা হে ৷
দি:শ: কি এ.. ঘৰো ঘৰো কৰে তাই
বৈচাসকল: হায় অ' হৰি
দি:শ: এ ঘৰত নাসাজিলো মই
বৈচাসকল: হায় অ' হৰি
দি:শ: এ ঘৰ ঘৰ কৰে তাই
বৈচাসকল: হায় অ' হৰি
দি:শ: ঘৰো না সাজিলো মই
বৈচাসকল: হায় অ' হৰি
সকলোৱে অ’ ঘৰ সাজিবৰ মোৰ মাটি নাই মলুৱা ৰে..
অ’ ঘৰ সাজিবৰ মোৰ মাটি নাই মলুৱা ৰে..
(হেই) মোৰে মলুৱাক কোনে মাৰিলা হায় অ'
হায় মোৰ মলুৱা হে ৷
দি:শ: কি এ... উৰো উৰো কৰে তাই
বৈচাসকল: হায় অ' হৰি
দি:শ: উৰাৰ জাহাজ ক’তে পাওঁ
বৈচাসকল: হায় অ' হৰি
দি:শ: এ উৰো উৰো কৰে তাই
বৈচাসকল: হায় অ' হৰি
দি:শ: হে উৰাৰ জাহাজ ক’তে পাওঁ
বৈচাসকল: হায় অ' হৰি
সকলোৱে অ’ উৰিবলে’ তাই মোক টাকা মোৰ মলুৱা ৰে..
অ’ উৰিবলে’ তাই মোক টাকা মোৰ মলুৱা ৰে..
(হেই) মোৰে মলুৱাক কোনে মাৰিলা হায় অ'
হায় মোৰ মলুৱা হে ৷৷
[ ভূপেন হাজৰিকাদেৱে ‘সতী বেউলা’ কথাছবিত দিছে , কণ্ঠদান:- দিলীপ শৰ্মা আৰু লগৰীয়াসকল ]
[ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া]
No comments:
Post a Comment