পুৰুষ: কোমল কোমল
কোমল কোমল কোমল দুটি
জ্বলে নয়নতৰা
নাৰী: হেজাৰ হিয়াত জ্বলে শাখাত
বিকশিত ভৰা
দুয়ো: কোমল কোমল কোমল দুটি
জ্বলে নয়নতৰা
হেজাৰ হিয়াত জ্বলে শাখাত
বিকশিত ভৰা
কোমল কোমল ৷৷
পুৰুষ: মধুৰ মধুৰ
মধুৰ বাঁহী
বাজে দূৰণিত
নাৰী: শিল্পী তোমাৰ
সুৰৰ লহৰ ভাহে ধৰণীত ৷
পুৰুষ: মধুৰ মধুৰ
মধুৰ বাঁহী
বাজে দূৰণিত
নাৰী: শিল্পী তোমাৰ
সুৰৰ লহৰ ভাহে ধৰণীত ৷
আহা মধুৰ মধুৰ বাঁহী
আহা বাজে দূৰণিত ৷
নাৰী: কাণ শুনো গীতটি
কাণ শুনো গীতটি
জীৱন মধুৰ কৰা ৷
পুৰুষ: হেজাৰ হিয়াত
জ্বলে শাখাত বিকশিত ভৰা
কোমল কোমল ৷
পুৰুষ: ডাঁৱৰ ডাঁৱৰ
ডাঁৱৰ শীৰ্ষত
ইমান সঁপোন আছে ৷
নাৰী: চমক লগাই দুটি চকুত
মধুৰ মৰম যাঁচে ৷
পুৰুষ: অ’ ডাঁৱৰ ডাঁৱৰ ডাঁৱৰ শীৰ্ষত
ইমান সঁপোন আছে ৷
নাৰী: চমক লগাই দুটি চকুত
মধুৰ মৰম যাঁচে ৷
পুৰুষ: সপোন সপোন
সপোন সুৰে
কিয় উদাস কৰা
সপোন সপোন সপোন সুৰে
কিয় উদাস কৰা ৷
নাৰী: হেজাৰ হিয়া জ্বলে শাখাত বিকশিত ভৰা
দুয়ো: কোমল কোমল
কোমল কোমল কোমল দুটি জ্বলে নয়নতৰা
হেজাৰ হিয়াত জ্বলে শাখাত বিকশিত ভৰা ৷
কোমল কোমল কোমল দুটি জ্বলে নয়নতৰা
হেজাৰ হিয়াত জ্বলে শাখাত বিকশিত ভৰা ৷
পুৰুষ: কোমল কোমল ৷
নাৰী কোমল কোমল ৷
পুৰুষ: কোমল কোমল ৷
নাৰী: কোমল কোমল ৷
পুৰুষ:
কোমল কোমল ৷৷
[ভূপেন হাজৰিকাদেৱ আৰু লক্ষ্যহীৰা দাসৰ দ্বৈত কণ্ঠেৰে নিগৰিত গীত]
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment