অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

জোনাকৰে ৰাতি


... ও...(আলাপ) 
জোনাকৰে ৰাতি.....         
অসমীৰে মাটি...
জিলিকি জিলিকি পৰে ...
মলয়াৰে ছাটি ..!              
দুহাতে সাৱটি...
ধুনীয়া মালতী সৰে ...

এইখন দেশ ..
মোৰ তেনেই আপোন.. !

নিতে নিতে আ..নে
নতুন সপোন
আমাৰ গাঁৱৰে
সৰু জুৰিটিয়ে
তৰাৰে ধেমালি কৰে..!

আশাৰ চাকি
জ্বলে দুখী..য়া..ৰে
ঘৰে ঘৰে ..!

তাকে দেখি
এন্ধাৰবোৰে
আমাৰ গাঁও এ..ৰে !
আমাৰে দেশৰ
বোৱতী সুঁতিক.. !
বাধা দিব কোনে পাৰে ?
আগলতি কলাপাত লৰে চৰে !

মনৰে পখিটি মোৰ
..ৰে উ..ৰে

কোন চিফুঙ
সুৰে সুৰে  !

.... (আলাপ)

(ভূপেন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত লতা মংগেশকাৰৰ কন্ঠত নিগৰিত গীত)
[কথাছবি - এৰাবাটৰ সুৰ ,(১৯৫৬)]
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: