অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

স্নেহে আমাৰ শত শ্রাৱণৰ


স্নেহে আমাৰ.. শত শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ.. প্লাৱন আনে...
যৌৱন-বাসনাৰ ৰিক্তোপকূল
পূৰ্ণ কৰে উন্মত্ত বানে ..
স্নেহে আমাৰ শত-শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে ..৷

নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি
উচ্ছল জীৱনৰ জোৱাৰ আনে
অপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়ে
নাছে নৱ সৃষ্টি গানে .... ৷
যৌৱন-বাসনাৰ ৰিক্তোপকূল
পূৰ্ণ কৰে উন্মত্ত বানে ..
স্নেহে আমাৰ শত-শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে ..৷

বিদ্যুৎ ক্ষিপ্র নয়নে তোমাৰ !

বিদ্যুৎ ক্ষিপ্র নয়নে তোমাৰ
মৌন ভাষাৰ উন্মাদনা সানে
নিশ্বাসে মোৰ আশাৰ আশ্বাসত
তৃপ্তিৰ পৰিধি নেমানে
তৃপ্তিৰ পৰিধি নেমানে ৷

প্রীতি দিগ্‌বলয়ত গতিশীল গীত গাওঁ
বজ্রৰ গৰ্জ্জনে হাৰ মানে
বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়
আমাৰ দৃষ্টিয়েও লক্ষ্য জনে
বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়
আমাৰ দৃষ্টিয়েও লক্ষ্য জনে
যৌৱন-বাসনাৰ ৰিক্তোপকূল
পূৰ্ণ কৰে উন্মত্ত বানে ..
স্নেহে আমাৰ শত-শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে
স্নেহে আমাৰ শত-শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে ..৷৷


(গুৱাহাটী, ১৯৫৪ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: