হেৰ! দেখুৱাই দেচোন এই
মহাভাৰতত
এচিকটা মাটি ক’ৰবাৰ
(য’ত) চিন
পৰি থকা নাই বহু ভাষা-ভাষীয়ে
বহু বহুবাৰ গছকাৰ ?
তেন্তে কিয় ভাৰতৰ অঞ্চলে
অঞ্চলে
সুআসন একোটি ভাষাৰ ?
(তাত) দূৰণিৰ পৰা অহা
সংখ্যালঘুৱে লিখে
বুৰঞ্জী জীণ যোৱাৰ ৷
পুনৰ জঠন বুলি পুনৰ ভাঙন
কৰা
চক্রান্ত আছে যাৰ যাৰ
জুই লই নেখেলিবি ৰঙা চকু
দেখুৱাই
সঁকীয়ালোঁ এয়ে শেষ বাৰ ৷
বঙ্গ বন্ধু শ্বেখ মজিবুৰে
যেতিয়া চিঞ্চৰিলে
‘সোণাৰ বাংলাৰ’
তেতিয়া জানো হেৰ’ অপমান
কৰা হয়
বিশ্বৰ অন্য ভাষাৰ ?
তৰ্ক নকৰোঁ মই, শেষ হ’ল তৰ্ক
এই গীত সতৰ্ক কৰাৰ
নানিবি অসমলৈ ত্রাস
পৰিবেশ,
ধ্বংস যজ্ঞ জ্বলোৱাৰ ৷
বহু কাপুৰুষে সেৰি
শিৰচ্চেদ কৰিছিল
অহিংস আনিল বৰাৰ !
সৌৱা চা আকাশত জ্বলিছে
অনিল,
মোজাম্মিল .. ৰূপ ধৰি
ধ্রুৱ তাৰকাৰ ৷
(ভাষা আন্দোলনৰ সময়ত লিখা,
আঠ নৱেম্বৰ,১৯৭২ চন)
(ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment