অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

তোমাৰ মৰমে মোৰ


তোমাৰ মৰমে মোৰ

দেহত তুলিলে ঢৌ

বুকুত দিলে যে মৌ

কি যে মিঠা মিঠা


কেনেকৈ কি যে হৈ গ’ল

কলিটি কুসুমে হ’ল

সুৰভি ওপচি গ’ল

কিযে ভাল লগা

তোমাৰ মৰমে মোৰ ...


ফুলে কয় বতাহক লাহেকৈ

এই ... কি কৰিলা ?

বতাহেও সুধিছে ফুলকেই

এই ... কি কৰিলা ?


গোপন ফাগুনে যেন

লুকাই হাঁহিছে সৌ

খুলি গোপনতা।

তোমাৰ মৰমে মোৰ ...


জিৰিজিৰ্‌ জিৰিজিৰ্‌ এধানি

সৌ জুৰিটি যে

নীলাকৈ পানীৰে ভৰি গ’ল

কোন ছেগতে যে ।


মৰম নদীতে যেন

নিজক উটাই দিম

কিযে আকুলতা

কিযে মিঠা মিঠা

কিযে ভাল লগা

কিযে ... আকুলতা  ৷৷




(ভূপেন হাজৰিকাদেৱে ৰচা জয়ন্ত হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া আৰু গীতাৰ্থ বৰদলৈ)

No comments: