অনুসন্ধান আকাংক্ষাত

Sunday, April 8, 2012

এ’ জীৱন নদীৰ কতনা মোহনা


এ’ জীৱন নদীৰ কতনা মোহনা
কোনটো দিশেৰে ঘাট
এ’ ক’তেনো পামগৈ মৰমৰে ভৰে
এষাৰি আপোন মাতে, মোৰ বান্ধ ঐ
চিনাই নিদিয়াঁনে বাট ?

সঁচা সোণৰ মৰম যাচি যাচি পালোঁ
শোকেৰে জীৱনটো জোৰা
কাঁচৰে মোলতে সোণবোৰ বিকিলোঁ
কিনো কপালখনো পোৰা ৷
বেহা হেৰুৱালোঁ ভুৱা হাট বেহালোঁ
চিনাই নিদিয়ানে বাট ?

“এমন ৰসেৰ নদীতে সই গো
ডুব দিলাম না;
নদীৰ কুলে কুলে
ঘৰে বেড়াই কূলে কূলে
পাইনা ঘাটেৰ ঠিকানা ৷”

আলহীঘৰটি জিৰণীয়া ঘৰে
ডুদিনীয়া ক্ষণিকৰ
সিও যে হয়গৈ আপোনাৰে ঘৰে
ওৰেটি জীৱনৰ ৷
চেনেহ ঢালি ঢালি ল’লো আঁকোৱালি
চিনাই পৰি যায় শাঁত
চিনাই নিদিয়ানে বাট ?
“নিত্য ঘাটে স্নান কৰিতাম
জলেৰ ছায়াম ছুই গ’
দেখতাম না ঘৰ,
জলে নামি নামি
নামি ব’লে ,নামি নামি
পৰাণ ভয়ে নামিনা সইগো
ডুব দিলাম না ৷”

চনকা মনটি বৰ আদৰুৱা
ঠনুকাই ঠুনুকাই ভাগে
অচিন ভাবৰে নিঠৰুৱা জীৱ
ঘনে ঘনে আউল লাগে ৷
নিশাৰে সপোনটি নুবুজা মায়া যেন
নেপাওঁ সপোনটি নুবুজা মায়া যেন
নেপাওঁ দেখোঁ তাৰে আঁত
চিনাই নিদিয়ানে বাট ?

(কথাছবি: পলাশৰ ৰং, ১৯৭৬ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: