অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ভালকে পুনৰ চোঁৱা এবাৰ


ভালকে পুনৰ চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব পাৰিছাঁনে ?
ভালকে পুনৰ চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব পাৰিছাঁনে ?
মোৰ দুচকুত চকু ৰাখি কোৱাঁ
মনৰ বী..ণা বাজিছেনে ?
ভালকে পুনৰ চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব পাৰিছাঁনে ?

সোণালী আবেলি গছৰ ছাঁত
মুখামুখি বহি নীল গধুলিত
সোণালী আবেলি গছৰ ছাঁত
মুখামুখি বহি নীল গধুলিত
কতনা গীত শুনাইছিলাঁ..
কতনা গীত শুনাইছিলাঁ..
কোৱাঁচোন মনত পাৰিছেনে ?
মোৰ দুচকুত চকু ৰাখি কোৱাঁ
মনৰ বী..ণা বাজিছেনে ?
ভালকে পুনৰ চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব পাৰিছাঁনে ?

’.. পটভূমিকাত সু-নীলাচল
নাগৰিকজনে হাঁহে জলমল
পটভূমিকাত সু-নীলাচল
নাগৰিকজনে হাঁহে জলমল
প্রেমৰ গীত কোনেনো শুনাব
প্রেমৰ গীত কোনেনো শুনাব
মই আজি দেখোঁ তুমিহীনা
মোৰ দুচকুত চকু ৰাখি কোৱাঁ
মনৰ বী..ণা বাজিছেনে ?
ভালকে পুনৰ চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব পাৰিছাঁনে ?
মোৰ দুচকুত চকু ৰাখি কোৱাঁ
মনৰ বী..ণা বাজিছেনে ?
ভালকে পুনৰ চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব পাৰিছাঁনে ?

(ভূপেন হাজৰিকাদেৱে ৰচা আশা ভোশলেৰ কন্ঠেৰে নিগৰিত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: