[পোহৰ বীণৰ তাঁৰ কিডালি
তাৰ নেদেখা
চপাই আঙুলি
বোলন পৰি ৰ’ল ..] - ২
-
[সৌ এছটি
দূৰ্নি লগৰ
আকাশ পাৰৰ
শুকুলা ডাৱৰ ..]←২
তাৰ সুৰুঙাই
নুশুনা সুৰৰ
জোকাৰ আহি ৰ’ল
পোহৰ বীণৰ তাঁৰ কিডালি
তাৰ নেদেখা
চপাই আঙুলি
বোলন পৰি ৰ’ল..
-
পোহৰ দেশত
সুৰ ৰ’দালি
কোন শুৱনি
সুৰ কুঁৱৰী
নাচি ঘুমতি গ’ল !
-
-
পোহৰ দেশত
সুৰ ৰ’দালি
কোন শুৱনি
সুৰ কুঁৱৰী
নাচি ঘুমতি গ’ল
[কোন শৰতৰ পৰশ লাগি
আঙুলি বোলাই
হঠাৎ জাগি... ]←২
পোহৰ ৰেণুৰ সুৰো পৰি
গগন ভৰি ৰ’ল
[পোহৰ বীণৰ তাঁৰ কিডালি
তাৰ নেদেখা
চপাই আঙুলি
বোলন পৰি ৰ’ল.. ]←২
বোলন পৰি ৰ’ল..←২
-
ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত।
গীতৰ কথাঃ- পাৰ্বতী প্ৰসাদ বৰুৱা
(*গীতটো শুনি লিখা, ভুল দেখিলে আঙুলীয়াই দিয়ে যেন*)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment