জয় বা পৰাজয়
সময় অসময় !
কপালত জিলিকাই প্রেম নাহে
প্রেমে সময় নুবুজে !
প্রেমে বয়স যে আৰু নুবুজে !
জয় বা পৰাজয়
সময় অসময় !
কপালত জিলিকাই প্রেম নাহে
প্রেমে সময় নুবুজে !
প্রেমে বয়স যে আৰু নুবুজে !
ৰিম ঝিম ঝিম.. বৰষাই .. !
মোৰ দেহাটি যেতিয়া তিয়াই.. !
উদাস এটি আবেলি ..
সত্যস্নাতা হৈ
হংসগামিনী হৈ..
প্রেয়সী নাহে
প্রেমে সময় নুবুজে.. !
প্রেমে বয়স যে আৰু নুবুজে.. !
এখোজ দুখোজকৈ
কেনিও নোচোৱাকৈ
যেনিতেনি কৰে আগমন
মনৰ দুৱাৰ খুলি
কৰে দেখোঁ বাহু মেলি
বুজাব নোৱাৰা আচৰণ
কুলিটিৰ মধুৰ মাতত
শিমলুৰ কমুৱা তোলাত
প্রেমৰ মন্ত্র নাথাকে
ফাগুণ দিনৰ !
বতাহতে..!
অকলশৰে ..!
মই কান্দোতে ..!
প্রেম নাহে !
প্রেমে সময় নুবুজে !
প্রেমে বয়স যে আৰু নুবুজে !
জয় বা পৰাজয় !
সময় অসময় !
কপালত জিলিকাই প্রেম নাহে
প্রেমে সময় নুবুজে !
প্রেমে বয়স যে আৰু নুবুজে !
প্রেমে বয়স যে আৰু নুবুজে ৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে
নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment