এই ব’হাগ জ্বলন্ত অৰুণ
এই ব’হাগ দুৰন্ত তৰুণ
এই ব’হাগ জ্বলন্ত অৰুণ
এই ব’হাগ দুৰন্ত তৰুণ ৷
পুৰণি শত শত
ব’হাগ মাহৰ
জহি খহি যোৱা
মূল্যবোধৰ ..
মৈদাম খান্দি
খান্দি
হাড়বোৰ নিকা কৰি
অস্ত্র সাজি
সাজি
লৈ নিশ্বাস
কোনে বাৰু হাঁহি
হাঁহি
শোষণ সেনানীৰ
কৰিছে বিনাশ ?
এই ব’হাগ জ্বলন্ত অৰুণ
এই ব’হাগ দুৰন্ত তৰুণ
এই ব’হাগ জ্বলন্ত অৰুণ
এই ব’হাগ দুৰন্ত তৰুণ ৷
পুৰণি ব’হাগ ক্লান্ত আছিল
পুৰণি চিন্তা
অশান্ত নাছিল
পুৰণি ব’হাগ ক্লান্ত আছিল
পুৰণি চিন্তা
অশান্ত নাছিল
আজিৰ ব’হাগ যেন বলিয়া বসন্ত
থিয় হৈছেহি এক
তৰুণ দুৰন্ত
মৃত্যুৰে সখা
পাতি
ৰঙাল ফাগুন
ব’হাগত খেদিছেহি
নিঠুৰ শগুণ
মৃত্যুৰে সখা
পাতি
ৰঙাল ফাগুন
ব’হাগত খেদিছেহি
নিঠুৰ শগুণ
এই ব’হাগ জ্বলন্ত অৰুণ
এই ব’হাগ দুৰন্ত তৰুণ !
এই ব’হাগ জ্বলন্ত অৰুণ
এই ব’হাগ দুৰন্ত তৰুণ !
দেশৰ মাটিত তাৰ
ভৰি দুটা আছে
ক’লা ক’লা চুলিবোৰে চুইছে আকাশ
বাহু দুটা মেলি
সি বুটলিছে তৰা
কন্ঠত যুক্তিৰ মুক্ত প্রকাশ ৷
আকাশে ঢালে
নতুনৰ বৰষুণ
ঢোল বাই নাচে
দুৰন্ত তৰুণ
আকাশে ঢালে
নতুনৰ বৰষুণ
ঢোল বাই নাচে
দুৰন্ত তৰুণ
এই ব’হাগ জ্বলন্ত অৰুণ
এই ব’হাগ দুৰন্ত তৰুণ
এই ব’হাগ জ্বলন্ত অৰুণ
এই ব’হাগ দুৰন্ত তৰুণ ৷৷
(এপ্রিল: ১৯৯১ চন)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment