অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অপৰূপা অপৰূপা



অপৰূপা অপৰূপা
অসীমৰ...
নীল-নভত
অসীমৰ...
নীল-নভত

তুমি এক বিন্দু অনন্ত
অপৰূপা
তুমি মুক্তা !
তুমি মুক্তা !
অনুভৱ জানো তুমি কৰা নাই !

অপৰূপা অপৰূপা

মকৰা জালৰ ভাঙিলা সজা
পাতলালাঁ তুমি দুখৰ বোজা
পলাতকা হৈ এতিয়া কিয়নো !
পলাতকা হৈ এতিয়া কিয়নো !
বিহঙ্গ হব খোজা
বিহঙ্গ হব খোজা
মাটিৰ মধু জানো দেখা নাই ৷

অপৰূপা অপৰূপা

তোমাৰ হাতৰ
মুঠিতে আছে
তোমাৰ জীৱন ৰথ
তোমাৰ হাতৰ
মুঠিতে আছে
তোমাৰ জীৱন ৰথ

ভাঙিব পাৰাঁ
গঢ়িব পাৰাঁ
ভাঙিব পাৰাঁ
গঢ়িব পাৰাঁ

তোমাৰেই নিজা পথ !
তোমাৰ যুক্তি হেৰুৱা নাই !
অপৰূপা ! অপৰূপা !!
অপৰূপা ! অপৰূপা !!

(কথাছবি:অপৰূপা , ১৯৮২ চন)
ঊষা মঙ্গেচ্‌কাৰৰ কন্ঠেৰে নিগৰিত
ইউনিক'ডীয় ৰূপান্তৰ :  দিগন্ত শইকীয়া

No comments: