অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গ’ল


বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গ
পাতে সমনীয়া দেশৰ নেতা ৰজা হ
বিহুৰে বিৰিণা পাতে হে নয়া পইচা ওলাই গ
বিহুৰে বিৰিণা পাতে হে ষোল অনা লুকাই গ
বিহুৰে বিৰিণা পাতে হে এশ পইচাই এটকা হল ৷

চেনাই দিয়ে গলা মইনা মোৰ কলিজা
চেনাই টোপোলা মইনা মোৰ কলিজা

মইনাজান মইনাজান তোমাৰে ঐ বেজাৰত
মইনাজান মইনাজান জাঁজী নৈত পৰিমগৈ
মইনাজান মইনাজান সোঁতে মোক উটুৱাই নিব
মইনাজান মইনাজান মাংস গেলি যাব
মইনাজান মইনাজান হাড়ও পচি যাব
মইনাজান মইনাজান মাছেনো কুটি কুটি খাব ৷

কুলি কেতেকী সৰু ভনীটি
  তোমালোকৰ ঘৰলৈ
    সদায় যাব পাৰোঁ মই
      দিয়া যদি মৰমৰ মাত ৷
মই যোৱা দেখিলে
   তোমাৰেনো মাৰ বাপেৰে
     দিয়ে মূৰে কপালে হাত ৷৷

বাৰীৰে ঢাপৰে এজাৰ মোৰ চেনাই
বাৰীৰে ঢাপৰে এজাৰ
চেঙেলীয়া কালতে পীৰিতি এৰিলা
মনত দি গলা যে বেজাৰ ৷৷

চতাই পৰেৱত ধুৱঁলী ঐ কুঁৱলী
     কোনে ভাত ৰান্ধি খায় ৷
মাক নাই মাউৰা তিৰী নাই বৰলা
     হাতী ধৰিবলৈ যায় ৷৷

দেহ হল অলিয়া দেহ হল বলিয়া
     দেহ হল দিহিঙৰ গড়া ৷
তোমাৰে লগতে হলো মই বলিয়া
     চিনাকি হবৰে পৰা ৷৷
গলটেঙা খুতৰা চুতীয়া ঢেকীয়া
     জুতি লগাই লগাই খাবা ৷
গধুলিৰ পৰা দুৱাৰ মেলি থমে
     বিৰালী যোৱাদি যাবা ৷৷

নৈ দেখি লাগিলে পানীৰে পিয়াহটি
     তোমাক দেখি লাগিলে দয়া ৷
হাতৰে কটা তামোল হাততে থাকিলে
     নহলা নিজৰে গঞা ৷৷

আই ঐ চাপৰি চাপৰি তোলোঁ মই বাবৰি
     পুৰণিনো কলীয়া কচু ৷
দেহি দেহা ঐ
পীৰিতিৰে বেহা ঐ
যৌৱনৰে সাঁচতীয়া ধন
    যাকে চাব খোজোঁ তাকে নেদেখোঁ
       কিনো জুইয়ে লগা চকু ৷

ইমাননো ধুনীয়াকৈ অ নো দেহেশ্বৰী
কোনে সৰজীলে অ নো দেহেশ্বৰী
কোনেনো নামে দিলে হীৰা
     দেহেশ্বৰী ঐ উঠা লাহে কৰি ঐ
কেতিয়া পুৱাব ৰাতি .... গুম গুমনি
     কঁকালৰ খোচনি
বহিলে জুনুকা বাজে
       কি ৰৈয়া ৰৈ
       দুফালে দুখন ছৈ
       মাজে বয় যমুনা নৈ ৷

এ ভনী জানা তুমি          কৰিছোঁহে ধেমালি
             নাই যদি তোমাৰ মন
               নকৰিবা সম্ভাষণ ;
           আছে যদি তোমাৰ মন
              দিব পাৰোঁ হিয়া খন ৷
জানা ভনী ডেকাৰনো চেঙেলীয়া মনে
         ভনী তোমাৰো চেঙেলীয়া মন ৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: