কি পালি
কি পালি
একোতো নেপালি
উৰিলি তই যিমান
এটুকুৰা জোন
সোণৰনো দাম
কিমান ?
কৌটি কৌটি
তৰাৰে জেউতি
মহা আকাশৰে বক্ষত
৷
সিপাৰত ঘূৰে
তই নজনাকৈ
আপোন আপোন কক্ষত
৷৷
কল্পনা তই
গাভৰু ছোৱালী
ভাৰত বৰিষৰে মান
৷
চাওলা ফৈদে
বাট চাই আছে
ঘূৰাই আন
বিদ্যুৎযান ৷৷
অঙ্ক অঙ্ক
কিমান যে অঙ্ক
গণনা কৰ কিমান ?
ৰাখিলি নাৰীৰে
মান ৷৷
চাওলা কল্পনা
আঁকিলি আলপনা
অঙ্কশাস্ত্রৰে
জীয়াৰী
মহাকাশ বিশাল
হাতীপটি সহস্র
উৰিলি কিনো
বিচাৰি ৷৷
পঞ্চনদীৰে
মন্ত্র
বহুতো বিজ্ঞান
তন্ত্র
লৈ উভতিলি
সাঁতুৰি-
নাদুৰি....৷৷
কি পালি
কি পালি ?
(মুম্বাই: ২৫ মাৰ্চ, ২০০৩ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment