[নাৰী: নাহৰ ফুলে নুশুৱায়
পুৰুষ: তগৰ ফুলে শুৱাব
নাৰী: তগৰ ফুলে নুশুৱায়
পুৰুষ: কপৌ ফুলে শুৱাব]←২
[নাৰী: কপৌ ফুলে নুশুৱায়
যদি ঘিলা খোপাতে মোৰ
পুৰুষ: হিয়া ফুল এপাহি দিম
দুয়ো: (গুজি) খোপাতে মনোহৰ]←২
নাৰী: নাহৰ ফুলে নুশুৱায়
পুৰুষ: তগৰ
ফুলে শুৱাব
পুৰুষ: কপৌ ফুলে শুৱাব
দুয়ো: নাহৰ ফুলে নুশুৱায়
[পুৰুষ: মহাসাগৰ সিঁচি আনিম
দুয়ো: সাত-মাণিকৰে ধন
পুৰুষ: মেঘৰ বুকু ফালি ছিঙিম
দুয়ো: বিজুলী ফুল শুৱণ]←২
[নাৰী: মাণিক ফুলে নুশুৱায়
(যদি) সাতসৰীতে মোৰ
পুৰুষ: (হিয়া) ফালি পিন্ধাম
দুয়ো: তেজাল পোৱাল-মণি মোৰ]←২
নাৰী: নাহৰ ফুলে নুশুৱায়
পুৰুষ: তগৰ ফুলে শুৱাব
নাৰী: তগৰ ফুলে নুশুৱায়
পুৰুষ: কপৌ ফুলে শুৱাব
দুয়ো: নাহৰ ফুলে নুশুৱায় ।।
ৰাভা সংগীত (দ্বৈত কন্ঠত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment