অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

গৰখীয়া হেৰৌ গৰখীয়া


কথা:- পাৰ্বতী প্রসাদৰ ভাষা জাতে-পাতে ঘৰুৱা , তেখেতৰ গীতৰ ৰচনাত গাঁভুই, হাবি-বন, পথাৰ-সমাৰৰ চিনকী ছবিখন সহজেই জিলিকি উঠে ৷ কেঁচা মাটি সুগন্ধ মলমলায় গৰখিয়াৰ মিঠা বাঁহী তেওঁৰ কাষত অমৰ হয় ৷

গীত:-
গৰখীয়া হেৰৌ গৰখীয়া
কি সুৰ বজালি..
কি সুৰ বজালি দুপৰীয়া
গৰখীয়া হেৰৌ গৰখীয়া
কি সুৰ বজালি..
কি সুৰ বজালি দুপৰীয়া ৷

পথাৰৰ মাজতে
আহতৰ তলতে
হৰ শিংৰ পেপাটি বাই

পথাৰৰ মাজতে
আহতৰ তলতে
হৰ শিংৰ পেপাটি বাই ৷

দুপৰত আকাশত
কি সুৰ মেলিলি
জগত নিজন কৰি
যায় গৰখীয়া
কি সুৰ বজালি
কি সুৰ বজালি দুপৰীয়া ৷

আঁহতৰ পাততে লাগিছে সুৰ
বতাহ বলিছে
জুঁৰ জুঁৰ জুঁৰ ,
আঁহতৰ পাততে লাগিছে সুৰ
বতাহ বলিছে
জুঁৰ জুঁৰ জুঁৰ ৷

সুৰৰ ধ্বনি শুনি
কলিজাত কপনি
ৰঙত ঘনে ঘনে লাগে

সুৰৰ ধ্বনি শুনি
কলিজাত কপনি
ৰঙত ঘনে ঘনে লাগে ৷
কোনোবা কাহানিত
লৰালিৰ কাহিনী
মনত মনে মনে
জাগে গৰখীয়া
কি সুৰ বজালি
কি সুৰ বজালি দুপৰীয়া ,
গৰখীয়া হেৰৌ গৰখীয়া
কি সুৰ কি সুৰ
বজালি দুপৰীয়া ৷৷

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: