আজি বতৰ গাভৰু হ’ল
প্রকৃতি নেথাকে
শুই
আগেয়ে নেজানো
এতিয়া জানিলোঁ
শৰীৰত একুৰা জুই ৷
গা সিৰেসিৰায়, বুকু ধপেধপায়
মন হ’ল বোৱঁতী নৈ...
পদুমৰ কলিটিৰ
তত্ নাই গাত
ফুলোঁ নে
নুফুলোঁকৈ
চাওঁচোন হাতেৰে
চুই ..
আগেয়ে নেজানো , এতিয়া জানিলোঁ
শৰীৰত একুৰা জুই
৷
লহ্ পহ্ দেহাতে
নিজেই ভোলে গ’লোঁ
মনৰে দাপোনত চাই
ভীমকল পুলি যেন
চুবকে গৈ নোৱাৰি
চুলে হাত পিছলি
যায়
কোনে জানো
দিলেহি ৰুই ৷
আগেয়ে নেজানো
এতিয়া জানিলোঁ
শৰীৰত একুৰা জুই
৷৷
আকাশত ফুলিলে
আকাশী চন্দ্রমা
সূৰুয ভোমোৰাই
চুমে ..
মোৰো যে দেহাকে
বতাহে চুমিছে
চন্দ্রই লাজতে
জুমে ৷
হাঁহিছে তগৰে
যূঁই...
আগেয়ে নেজানো এতিয়া
জানিলোঁ
শৰীৰত একুৰা জুই
৷
(এপ্রিল: ১৯৭০ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment