ভূ:হা: দিখৌ নৈ
এৰিব ...
হে
পাৰো মই লাহৰি ..
ভোগদৈ
এৰিব পাৰো ..
অ’ ভোগদৈ এৰিব পাৰো ..
এ
তোমাক ঐ লাহৰি
এৰিব
নোৱাৰো..
অ’ নাখায়ো থাকি..ব পাৰো !
নাৰী: লুইতে
এ..ৰিলে ..
লুইতৰে..
সূতি
দিখৌয়ে....
এ...ৰি..লে ..ঐ সোঁত
চেনেহৰ
ডোলেৰে ...
বান্ধি..লা
মইনা..জান
বুজিবা
হৃদ..য়ৰ মোহ..
ভূ:হা: হে যামেগৈ
জাঁজিলৈ
নাহো
মই আহি লৈ
থাকিবা
অকলে
তুমি
বুকুৰ ধন
থাকিবাই
অকলে তুমি,
হে
তোমাৰ মৰম চেনেহ
কাকো
নিবিলাবা
শৰীৰত
নিদিবা
জুয়ে
বুকুৰধন .. চেনাইধন
শৰীৰত
ঐ নিদিবা জুই
নাৰী: ইকৰা
পাতেৰে নাওঁখন সাঁজিলি
শদিয়া
পাৰে হৈ
যাবা
চেনাইধন.. বুকুৰধন
শদিয়া
নো পাৰে হৈ যাবা
এ
চাউলে চিৰা দিম
থুৰীয়া
তামোল দিম
লাহেকৈ
আতৰি
যাবা
চেনাইধন .. বুকুৰধন
লৈ
লাহেকৈ লৈ লাহেকৈ
আতৰি
যাবা
ভূ:হা: এ ...
এখোজ দুখোজ কৰি
গ’লাগৈ আতৰি
অ’ মাজনি
আমালৈ
ঘুৰি চাই
তেনেকৈ
বেঁকাকে নাচাবা আমালৈ
অ’ মাজনি
চালে
মৰম লাগি
চালে
মৰম লাগি যায়
নাৰী: এ ...
এখোজ দুখোজ কৰি
আহিলো
আতৰি
অ’ চেনাইটি
তোমালৈ
ঘুৰি চাই
কান্দিব
লাগিব
নিজানত
বহি লৈ
অ’হ চেনাইটি
তোমাৰ
মনৰ কথা
তোমাৰ মনৰ কথা গাই
তোমাৰ মনৰ কথা গাই
পুৰষ: অ’ মোৰ সোণ সোনাই ঐ
ভূ:হা: হাতত গামৰ
খাৰু
কোনে
পিন্ধাই দিব
পুৰুষ: অ’ মোৰ সোণ সোনাই ঐ ..
ভূ:হা: হাতত
জেতুকাৰ বোল
কোনে
বোলাই দিব
পু:স: খোপাতে ঐ
কপৌ ফুল
কোনে
গুজি দিব
খোপাতে
ঐ কপৌ ফুল
কোনে
গুজি দিব
মোৰ
সোণ সোনাই ঐ ..
বিহুতলি
শুৱনি
বিহুতলি
শুৱনি কৰি
নাৰী: মোৰ সোণ
সোনাই ঐ ..
পাহাৰৰে
পৰা
পু:স: আজৌ
নাৰী: কপৌ ফুল
আনিবা
মোৰ
সোণ সোনাই ঐ ..
বিহুৰে
তলিতে
মোকে পিন্ধাই
দিবা
পু:স: আয়ৈ
নাৰী: নাচৰ
চেৱে চেৱে
তুমি
ঢোল বজাবা
না:স: নাচৰ চেৱে
চেৱে
তুমি
ঢোল বজাবা
মোৰ
সোণ সোনাই ঐ
বিহু
তলি শুৱনি
বিহু
তলি শুৱনি কৰি
পু:স: আয়ৈ
/দেহি ঐ
পুৰুষ: ঐ মোৰ সোণ
সোনাই ঐ
ভূ:হা: পাহাৰৰ
জুৰিটি
বাগৰি
বাগৰি
পুৰুষ: ঐ মোৰ সোণ
সোনাই ঐ
ভূ:হা: তোমাৰে
মৰমবোৰ
আহে
যে নিগৰি
পু:স: অ’ মোৰে লাহৰি
নাযাবা
পাহৰি
অ’ মোৰে লাহৰি
নাযাবা
পাহৰি
মোৰ
সোণ সোনাই ঐ
মোকে
নো ঐ বলিয়া
মোকে
নো ঐ বলিয়া কৰি
নাৰী: মোৰ সোণ
সোনাই ঐ
তোমাৰে
মৰমবোৰ
নাযাওঁ
মই পাহৰি
মোৰ
সোণ সোনাই ঐ
তোমাৰে
চেনেহবোৰ
ৰাখিছোঁ
সাৱতি
পুৰুষ: দেহি ঐ
না:স: অ’ মোৰে চেনাই ঐ
নেযাওঁ
মই পাহৰি
অ’ মোৰে চেনাই ঐ
নাযাওঁ
মই পাহৰি
মোৰ
সোণ সোনাই ঐ
থাকিম
মই তোমাৰে
থাকিম
মই তোমাৰে লগত
(ধোলৰ
চাপৰ)
পু:স: আয়ৈচা..হুৰৰ..
হৈছে ঐ..ঘুৰি আহ্ ..ৰেবা ৰেবা ..ঘূৰি ঘৰি ,,হে হেই হেইয়া
আয়ৈ
নাজিতৰা .. হেই ৷৷
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment