অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

নেলাগে সমাজ


নেলাগে সমাজ

নেলাগে নেলাগে !

সময় দেখুওৱা ঘড়ী...

নেলাগে সমাজ

নেলাগে নেলাগে !

সময় দেখুওৱা ঘড়ী

সময় এবাৰ

থমকি ৰওঁকচোন

আমাকে সাক্ষী কৰি ..

নেলাগে সমাজ ৷



আবেলিৰ ৰামধনু

থপিয়াই আনি

টুকুৰা টুকুৰ কৰি

ছটিয়াই দিম

তোমাৰ গা লৈ

বাচোন শয্যাত পাৰি..

বাচোন শয্যাত পাৰি ..



বিজুলি একোঁচা

আগচুলি আনি

অতি মৰমৰ এনাজৰি

মেৰিয়াই ল

দুয়োৰে দেহাত

আকাশেও দিব সহাৰি .. !

আকাশেও দিব সহাৰি.. ৷



নেলাগে সমাজ

নেলাগে নেলাগে !

নেলাগে সমাজ

নেলাগে নেলাগে !

সময় দেখুওৱা ঘড়ী

সময় এবাৰ

থমকি ৰওঁকচোন

আমাকে সাক্ষী কৰি ..

আমাকে সাক্ষী কৰি ৷



বাধাৰ বুৰঞ্জীৰ বহুতো পুঠি

টুকুৰা টুকুৰ কৰি

দলিয়াই দিম এন্ধাৰৰ ফালে

যাব কৰবালে উৰি

সৌ ধুমুহাত ..

বিশ্বাস..

ময়েই হলো..

তুমি সাগৰৰ লহৰী...

নেলাগে উশাহ.. !

হওঁক নিশাহ.. !

অন্তহীন উজাগৰী.... !!

নেলাগে! সমাজ

নেলাগে নেলাগে !

নেলাগে ! সমাজ

নেলাগে নেলাগে !

সময় দেখুওৱা ঘড়ী

সময় এবাৰ

থমকি ৰওঁকচোন

আমাকে সাক্ষী কৰি ..

নেলাগে সমাজ !

নেলাগে ! নেলাগে !

সময় ! দেখুওৱা ঘড়ী .. ৷৷



(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)


No comments: