[ Bhupen Hazarika's songs and Lyrics:- Amare Bhonti Hubo ]
Assamese Song: Amare Bhonti Hubo
Film: Kanch Ghar
Singer: Mridula Das Dewan
Lyrics: Bhupen Hazarika
Music Director: Jeetu Tapan
Year: ?
আমাৰে ভন্টি শুব
সপোনৰ দেশলৈ যাব
শুকুলা ৰঙৰে মিঠাকৈ সপোনক
দিঠকৰ ৰূপকে দিব ,
আমাৰে ভন্টি শুব
সপোনৰ দেশলৈ যাব
শুকুলা ৰঙৰে মিঠাকৈ সপোনক
দিঠকৰ ৰূপকে দিব
আমাৰে ভন্টি শুব
ও হ' হ' ওহ'.....
আ ..... (আলাপ)
আমাৰে ভন্টি মহিলা হ’ব
আৰোগ্য নিকেতন গঢ়িব
বিজ্ঞানেৰে ৰুগীয়াজনকে
সুঠাম তেজাল কৰিব
জীৱন মধুৰ হ’ব
শুকুলা ৰঙৰে মিঠাকৈ সপোনক
দিঠকৰ ৰূপকে দিব ৷
শুকুলা চিকুণ বৰকৈ ঘৰটিত
শুকুলা খটেখটী
শাৰী শাৰী আছে শুকুলা শয্যা
ইমান পৰিপাটি !
কতনা ৰোগীয়ে বাট চাই আছে
কেতিয়া আহিব আমাৰে ভন্ টি !
নিৰাশ ৰোগীকে অমৃত দিবহি
দিবহি দৰৱ জাতি
জীৱনৰ পদুম ফুলিব
শুকুলা ৰঙৰে মিঠাকৈ সপোনক
দিঠকৰ ৰূপকে দিব ,
আমাৰে ভন্টি শুব
সপোনৰ দেশলৈ যাব
ও হ' হ' ওহ'.....
ও হ' হ' ওহ'.....
ও হ' হ' ওহ'..... ৷৷
বোলছবি/এলবাম: কাঁচ ঘৰ
গায়িকা: আৰতি মুখাৰ্জী
কথা: ভূপেন হাজৰিকা
সংগীত
পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো
শুনি লিখা, কিবা ভুল
দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment