অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

‎সখী হে কি ক’ম দুখৰে কথা, মালতীৰে এচাকি খোপাতে পিন্ধিলোঁ



কথা :   

সখী হে কি কমে দুখৰে কথা , জেৰেঙা পথাৰত গাঠি হাজৰিকাৰ চমতাৰ কোব খাই 

খাই জয়মতী ভাগৰি পৰিছে ৷ কোনোবা পথিকে গাইছে দুখৰ কথা, সুৰ-বিন্যাষত 

গীতটিত কিছু পশ্চিমীয়া সংগীতৰ প্রভাৱ পৰিছে .. মালতীৰে এচাকি খোপাতে 

পিন্ধিলোঁ



গীত :-

সখী হে ..

কি কমে দুখৰে কথা

অমৃত মথোতে

বিহ উপজিলে

মিঠা মৌ হলে তিতা !               



মালতীৰে এচাকি

খোপাতে পিন্ধিলোঁ

তাৰো গল এপাহি সৰি

সোণৰে সঁজাতে

পখীটি ৰাখিলোঁ

সি ও গুচি গলে উৰি !

মালতীৰে এচাকি

খোপাতে পিন্ধিলোঁ

তাৰো গল এপাহি সৰি

সোণৰে সঁজাতে

পখীটি ৰাখিলোঁ

সি ও গুচি গলে উৰি !



সা জ তে ফু..লিলে

তগৰ ফুল এপাহি

সন্ধিয়াৰে পা পাই !

সা জ তে ফু..লিলে

তগৰ ফুল এপাহি

সন্ধিয়াৰে পা পাই !

কোনেও নেদেখোঁতে

কোনেও নুশুনোতে

সিও যে লেৰেলি যায় !



কোনেও নেদেখোঁতে

কোনেও নুশুনোতে

সিও যে লেৰেলি যায় !

মালতীৰে এচাকি

খোপাতে পিন্ধিলোঁ

তাৰো গল এপাহি সৰি

সোণৰে সঁজাতে

পখীটি ৰাখিলোঁ

সি ও গুচি গলে উৰি !



সাঁজতে ফুলিলে

তগৰ ফুল এপাহি

সন্ধিয়াৰে পা পাই !

সাঁজতে ফুলিলে

তগৰ ফুল এপাহি

সন্ধিয়াৰে পা পাই !

কোনেও নেদেখোঁতে

কোনেও নুশুনোতে

সিও যে লেৰেলি যায় !

কোনেও নেদেখোঁতে

কোনেও নুশুনোতে

সিও যে লেৰেলি যায় !

মালতীৰে এচাকি

খোপাতে পিন্ধিলোঁ

তাৰো গল এপাহি সৰি !

সোণৰে সঁজাতে

পখীটি ৰাখিলোঁ

সি ও গুচি গলে উৰি !

মালতীৰে এচাকি

খোপাতে পিন্ধিলোঁ

তাৰো গল এপাহি সৰি !

সোণৰে সঁজাতে

পখীটি ৰাখিলোঁ

সি ও গুচি গলে উটি ৷৷



(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: