অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

জোনাকী অ’ জোনাকী


জোনাকী .. অ’ জোনাকী
জোনাকী .. অ’ জোনাকী
আকাশৰ তৰা জানো তোৰ চিনাকি.. ?
আকাশৰ তৰা জানো তোৰ চিনাকি ?
অ’.. জোনাকী অ’.. জোনাকী;
জোনাকী .. অ’.. জোনাকী
জোনাকী .. অ’.. জোনাকী ৷

সৰগৰ বচাঁ ফুল
চাই তই
গ’লি ভোল.. গ’লি ভোল 
গ’লি .. ভোল !

সৰগৰ বচাঁ ফুল
চাই তই
গ’লি ভোল..
গ’লি ভোল
গ’লি.. ভোল !

সেয়েহে নিতৌ জানো
জ্বল তই তৰা জোন আঁকি !
(অ’) সেয়েহে নিতৌ জানো
জ্বল তই তৰা জোন আঁকি  !
জোনাকী অ’ জোনাকী
জোনাকী .. অ’ জোনাকী ৷

পদূলিত ...পদূলিত..
পদূলিত... পদূলিত..
ফুলনিৰ আঁৰে আঁৰে নাচ গধূলি
ফুলনিৰ আঁৰে আঁৰে নাচ গধূলি
কোন শিপিনীৰ ঘাই
আকাশত হেৰা পাই
হেৰা পাই !
হেৰা পাই ..!
কোন শিপিনীৰ ঘাই
আকাশত হেৰা পাই
হেৰা পাই !
হেৰা পাই ..!

আন্ধাৰৰ আঁচলত তোল তই
তৰা চানেকী.. !

আন্ধাৰৰ আঁচলত  তোল তই
তৰা চানেকী.. !

জোনাকী .. অ’ জোনাকী
জোনাকী .. অ’ জোনাকী
আকাশৰ তৰা জানো তোৰ চিনাকি ?
আকাশৰ তৰা জানো তোৰ চিনাকি ?
অ’ জোনাকী
অ’ জোনাকী;

জোনাকী .. অ’ জোনাকী
জোনাকী .. অ’ জোনাকী
জোনাকী .. অ’ জোনাকী
জোনাকী .. অ’ জোনাকী
জোনাকী .. অ’ জোনাকী
জোনাকী .. অ’ জোনাকী ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: