অনুসন্ধান আকাংক্ষাত

Sunday, April 8, 2012

উদং উদং গা (দ্বৈত কন্ঠত)


কথা :


[ দিখৌৰ পাৰত সুঠাম হাতেৰে পথাৰ চহাই হাল বাই থকা কোন এইজন অসমীয়া ডেকা ? যদি লাগে দেশৰ হকে মৰণ লৈও খেলা কোন এইজন অসমীয়া ডেকা ? ]


গীত:


নাৰী:       উদং উদং গা কোন ডেকাৰে গা !


দুয়ো:      অ উদং উদং গা কোন ডেকাৰে গা !


নাৰী:       সুঠাম হাতে পথাৰ চহাই হাল বাইছে চা..


দুয়ো:      উদং উদং গা কোন ডেকাৰে গা


নাৰী:       অ উদং উদং গা কোন ডেকাৰে গা


               সুঠাম হাতে পথাৰ চহাই হাল বাইছে চা..


দুয়ো:       উদং উদং গা কোন ডেকাৰে গা


                অ উদং উদং গা কোন ডেকাৰে গা..



নাৰী:       ৰং লৈ সি খেলে !


দুয়ো:      অ ৰং লৈ সি খেলে !


নাৰী:       সৰিয়হৰ হালধীয়া ৰঙত লুকাই খেলে ... !


দুয়ো:      সৰিয়হৰ হালধীয়া ৰঙত লুকাই খেলে.. !


নাৰী:       কৃষ্ণচূড়াৰ কলিটি মোৰ খোপাটিলৈ চা ৷


দুয়ো:      উদং উদং গা কোন ডেকাৰে গা                                        


               অ উদং উদং গা কোন ডেকাৰে গা..


নাৰী:       সুঠাম হাতে পথাৰ চহাই হাল বাইছে চা


দুয়ো:      উদং উদং গা কোন ডেকাৰে গা


               অ উদং উদং গা কোন ডেকাৰে গা..



নাৰী:        মূগা পলু উম দি সি নিশাটো কটায়


দুয়ো:       মূগা পলু উম দি সি নিশাটো কটায়      


নাৰী:       পুৱাই উঠি দিখৌখন সাঁতুৰি পাৰ হয়


ভূ:হা:       সাতুৰি পাৰ হয় !


নাৰী:        মূগা পলু উম দি সি নিশাটো কটায়


দুয়ো:       মূগা পলু উম দি সি নিশাটো কটায়      


নাৰী:       পুৱাই উঠি দিখৌখন সাঁতুৰি পাৰ হয়


ভূ:হা:       সাতুৰি পাৰ হয় !



নাৰী:       জীৱন লৈ সি খেলে


দুয়ো:      অ' জীৱন লৈ সি খেলে


নাৰী:       যদি লাগে দেশৰ হকে মৰণ লৈও খেলে... !


দুয়ো:      যদি লাগে দেশৰ হকে মৰণ লৈও খেলে ... !


নাৰী:       শৰতৰে শেৱালি মোৰ শিৰত ঢালে চা


দুয়ো:      উদং উদং গা কোন ডেকাৰে গা


               অ উদং উদং গা কোন ডেকাৰে গা


নাৰী:       সুঠাম হাতে পথাৰ চহাই হাল বাইছে চা


দুয়ো:      উদং উদং গা কোন ডেকাৰে গা


               অ উদং উদং গা কোন ডেকাৰে গা ৷৷


(ঊষা মঙ্গেশকাৰ আৰু ভূপেন হাজৰিকাদেৱৰ দ্বৈত কণ্ঠৰে নিগৰিত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: