অনুসন্ধান আকাংক্ষাত

Friday, March 2, 2012

'অভ্ৰ'ৰ নতুন লে-আউট (৹ , ৺ , ₹ , × , ÷ আৰু ॐ ৰে সৈতে )

অসমীয়া টাইপিং সজুলি(ইউনিক'ডীয়) 'অভ্ৰ'ত (download mirror 1 , download mirrror 2 নতুন লে-আউট (৹ =ড৹ , ৺ = স্বৰ্গীয়, ₹ = ভাৰতীয় টকাৰ চিন, × = পূৰণ, ÷ = হৰণ আৰু ॐ = ঔম ৰে সৈতে ) ৷লে-আউটখন ডাউনলোড কৰকআপোনাৰ লে আউট ফাইলটো দুবাৰ ক্লিক কৰিলেই Install হৈ যাব , তাৰ পাচত মনিটৰৰ স্ক্রীনৰ ওপৰত অভ্রৰ সৰু Chart খনৰ একেবাৰে সোঁফালৰ চিহ্নত টিপি Exit কৰক ,আকৌ মনিটৰৰ অভ্র আইকনত দুবাৰ ক্লিক কৰি প্রগেমতো আৰম্ভ কৰক ৷মনিটৰৰ স্ক্রীনৰ ওপৰত অভ্ৰৰ সৰু Chart খনৰ দ্বিতীয় স্থানত থকা English/বাংলা তলৰ সৰু ত্রিভূজচিহ্নত ক্লিক কৰিলে আপোনাৰ পচন্দৰ লে আউটৰ নামটো ওলাব , তাতে Select বা ক্লিক কৰক আৰু বাংলা option তো ৰাখিলে এই লে-আউটখনৰ সহায়ত অসমীয়া টাইপ কৰি যাব পাৰিব ৷


ফটোখন ডাঙৰকৈ চাওঁক
ভাৰতীয় টকাৰ চিন ( ₹ ) টো কুঁহিপাত বা নতুন অসমীয়া ৰোহিনী ফ'ন্টত দেখা পাব  , পিছে পুৰণি অসমীয়া ৰোহিনী ফ'ন্টত দেখা নাপায় ৷ আগতে পুৰণি অসমীয়া ৰোহিনী ফ'ন্ট সোমোৱা থাকিলে সেইটো ডিলিট কৰি নতুনটো instal কৰিব লাগিব ৷অভ্ৰৰ লে-আউটখন আৰু নতুন ৰোহিনী ফন্ট ডাউনলোড কৰিবৰ বাবে এইটো  লিংকত ও পাব ৷

2 comments:

Anonymous said...

মই'অভ্ৰ'ব্যৱহাৰ কৰিছো । F মাৰিছো যদিও 'ৰেফ অহা নাই । অনুগ্রহ কৰি জনাব নেকি !

আকাংক্ষা (Akansya) said...

১) 'ৰেফ' চিনৰ বাবে উদাহৰণ দি দিছো আপোনাৰ সুবিধা হ'ব ; যেনে , আৰ্হি = আ+ৰ+্ (Link বা হসন্ত চিন)+হ+ই , দেৱৰ্ষি= দে+ৱ+ৰ+্ (Link বা হসন্ত চিন)+ষ+ই, অৰ্থাৎ = অ+ৰ+(Link বা হসন্ত চিন)+থা+ৎ, ইত্যাদি ৷
আপুনি মোৰ লে-আউটখন ব্যৱহাৰ কৰি আছে নেকি ? যদি ব্যৱহাৰ কৰিছে হসন্ত বা লিংক(Link) চিনটি 'L' টিপিব লাগিব ৷
২) কমিক্‌চ = ক+মি+ক+ (Link বা হসন্ত চিন)+(Link বা হসন্ত চিন)+চ (অৰ্থাৎ হসন্ত চিনটো দুবাৰ টিপিব লাগিব) , ঝিৰ্‌ ঝিৰ্‌ =ঝি+ৰ+ (Link বা হসন্ত চিন)+(Link বা হসন্ত চিন) , ইত্যাদি ৷