শ্ৰদ্ধেয় স্বৰ্গীয় ফুলেশ্বৰ লাহন দেৱৰ সোৱৰণত দুআষাৰ
যোৱা ৩ জানুৱাৰী,২০১০ চন তাৰিখে মৰাণ ফুলেশ্বৰ লাহন দদাইদেৱৰ জটিল ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ দদাইদেউৰ মৃত্যুত সমগ্ৰ পিয়লি নগৰ অঞ্চলৰ লগতে আত্মীয় স্বজন আৰু লাহন সম্প্ৰদায়ৰ মাজত শোকৰ ছাঁ পৰে ৷ তেওঁৰ মৃতদেহ ডিব্ৰুগড় মোহনবাৰিত আহি পোৱাৰ লগে লগে তেওঁক শেষবাৰৰ বাবে চাবলৈ বিমান কোঠত বহু গুনমূগ্ধৰ সমাগম হয় ৷ তেওঁ পেচাত এগৰাকী শিক্ষক আছিল আৰু বৰবৰুৱা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত প্রধান শিক্ষক হিচাবে কায্যনিৰ্বাহ কৰি অবহৰ লৈছিল ৷ সেয়ে তেওঁৰ মৃতদেহ বিদ্যালয়লৈ নি তেওঁৰ প্রতি অন্তিম বাৰৰ বাবে শিক্ষক আৰু ছাত্র-ছাত্রী সকলে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ৷পাচত ঘাই ঘৰ শেনচোৱাপূখুৰীত তাই আহোম প্রথাৰে শেষকৃত সম্পাদন কৰা হয় ৷
শ্ৰদ্ধেয় স্বৰ্গীয় ফুলেশ্বৰ লাহন দদাইদেউ এগৰাকী বহুমূখী প্রতিভা অধিকাৰিৰ লোক আছিল ৷ তেওঁ এগৰাকী কবি , সাহিত্যিক আৰু বিশেষকৈ টাই বুৰঞ্জীৰ গবেষক আছিল ৷ কবিতাৰ পুঠি আকাৰেৰে কেইবাখনো পঢ়ুৱৈ সমাজক দি গৈছে আৰু তেওঁ এগৰাকী সমাজ সচেতক আছিল ৷ লাহন সম্প্রদায়ৰ লোকসকলে তেওঁ দি থৈ যোৱা অৱদানৰ বাবে তেওঁক চিৰদিন সোঁৱৰিব ৷ তেওঁ বহু পৰিশ্রম কৰি গোটোৱা আধাৰ সমূহ লৈ এখন কিতাব আকাৰেৰে ‘লাহন বুৰঞ্জী’ নামেৰে এখন গবেষনামূলক পুঠি প্রকাশ কৰি থৈ গ’ল যি নেকি এই পুঠিখন বুৰঞ্জী বিদ সকলৰ লগতে লাহন সম্প্রদায়ৰ বাবে এক অমূল্য সম্পদ ৷
স্বৰ্গীয় দদাইদেৱে দুটি পুত্র, এটি কন্যা আৰু নাতিপুতিৰে এটি পূৰ্ণাঙ্গ পৰিয়াল এই ইহ সংসাৰত এৰি থৈ গৈছে ৷ তেখেতৰ সহধৰ্মিনী খূৰিদেউ মৰাণ পিয়লি নগৰ বুনিয়াদি বিদ্যালয়ৰ এগৰাকী প্রধান শিক্ষয়িত্রী ৷ পুত্র-কন্যা আটাইৰে বিবাহ সম্পন্ন কৰি দদাইদেৱে এখন সফল সংসাৰৰ নিদৰ্শন দি গৈছে ৷
শ্ৰদ্ধেয় স্বৰ্গীয় ফুলেশ্বৰ লাহন দেৱৰ স্মৃতি বিশেষকৈ লাহন তথা তাই আহোম সম্প্রদায়ৰ মনত নিহন্দেহে চিৰদিন সজীৱ হৈ থাকিব ৷ আজি তেওঁৰ প্রথম বচেৰেকীয়াত তেওঁৰ আত্মাই সদগতি লাভ কৰক আৰু চিৰশান্তিৰ ধামত বিৰাজমান হওঁক ভগৱন্তৰ চৰণত ইয়াকে প্রাৰ্থনা জনাই শোক-সন্তপ্ত পৰিয়ালৰ সকলো সদস্যলৈ সমবেদনা জ্ঞাপন কৰিলো ৷
৷৷ “ঔম শান্তি : ঔম শান্তি :” ৷৷
No comments:
Post a Comment