অনুসন্ধান আকাংক্ষাত

Saturday, November 16, 2019

মন মোৰ চম্পাকলি



নাৰীঃ- (মন মোৰ চম্পাকলি
উন্মুখ অন্তৰ খুলি
সানিলে তন্দ্ৰাৰ মায়া
জোন চেঁচা এই গধূলি)
দুয়োঃ- অ’...
পুৰুষঃ-         মন মোৰ চম্পাকলি
উন্মুখ অন্তৰ খুলি
সানিলে তন্দ্ৰাৰ মায়া
        জোন চেঁচা এই গধূলি
দুয়োঃ- অ’...
        মন মোৰ চম্পাকলি
-
পুৰুষঃ- সোণ পৰিধিলিকা নিশা
        শুনি গুণ গুণ তৰাৰ ভাষা
নাৰীঃ-  অ’...
        সোণ পৰিধিলিকা নিশা
        শুনি গুণ গুণ তৰাৰ ভাষা
দুয়োঃ-  তোমাৰেই অন্তৰ ভৰি
        মোৰ সুৰভি দি উজাৰি
        মন মোৰ চম্পাকলি
উন্মুখ অন্তৰ খুলি
সানিলে তন্দ্ৰাৰ মায়া
        জোন চেঁচা এই গধূলি
        অ’...
        মন মোৰ চম্পাকলি
-
নাৰীঃ-  (শুক তৰা সৌ পৰে ঢলি
        মৰমীয়া মোহনীয়া
        জোনাকৰ হীম পৰে গলি)
পুৰুষঃ- অ’...
        তাৰ বাবে মোৰ পাপৰি
        স্বপ্নৰ মায়া জাল তৰি
নাৰীঃ- অ’...
        তাৰ বাবে মোৰ পাপৰি
        স্বপ্নৰ মায়া জাল তৰি
দুয়োঃ- ৰ’ব যেন অনন্ত নিশা
        স্মৃতিৰ কণিকা বুটলি
নাৰীঃ-  মন মোৰ চম্পাকলি
উন্মুখ অন্তৰ খুলি
সানিলে তন্দ্ৰাৰ মায়া
        জোন চেঁচা এই গধূলি
দুয়োঃ-  অ’...
পুৰুষঃ- মন মোৰ চম্পা কলি
উন্মুখ অন্তৰ খুলি
সানিলে তন্দ্ৰাৰ মায়া
        জোন চেঁচা এই গধূলি
        অ’...
দুয়োঃ-  মন মোৰ চম্পা কলি ।।
-
কথাঃ-        নৱকান্ত বৰুৱা
কণ্ঠঃ-         দ্বীপেন বৰুৱা আৰু মিতালী দে
বোলছবিঃ- ইটো সিটো বহুতো
পৰিচালকঃ- ব্ৰজেন বৰুৱা
সংগীত পৰিচালকঃ- ব্ৰজেন বৰুৱা
মুক্তিঃ- ১৯৬৩
ইউনিক’ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: