অনুসন্ধান আকাংক্ষাত

Saturday, November 16, 2019

য’ক উৰি পখিলাটি





পুৰুষঃ- (য’ক উৰি পখিলাটি
'গা ক'লা পাখি মেলি
তাৰ কথা ভাবি গুণি
কিনোবা কৰিম)
য’ক উৰি পখিলাটি
-
(এটি দুটি কৰি যাব বছৰ ঘূৰি
উৰহিৰ ওৰ জানো পাবা বিচাৰি)
-
নাৰীঃ-  (মিছামিছি হুৱা দুৱা
জীৱনটো যে কেৱল জুৱা)
হয় তল চিৰি তল
এক কা গোলাম
পুৰুষঃ- যদি দুখ লাগে কেতিয়াবা
হাঁহি অলপ চতিয়াবা
জীৱনৰ ক'লা ৰং হাঁহিৰে বোলাম
দুয়োঃ-  'ক উৰি পখিলাটি
'গা ক'লা পাখি মেলি
তাৰ কথা ভাবি গুণি
কিনোবা কৰিম
পুৰুষঃ- 'ক উৰি পখিলাটি
-
(তুমি এটি ফুল কলি বাটনহলৰ
নেলাগে জ্বলাব চাকি তুলসী তলৰ)
নাৰীঃ-  (এন্ধাৰ ঘৰৰ দূৱাৰ মেলি
দেখা পাবা চোতাল ভৰি) - ২
কৰি আহা ক'লা ছাঁই
পপীয়া তৰাই
পুৰুষঃ- হায় হায়
সেউজ কালৰ ধূলি আনি
ঢালি অলপ চকুপানী
জীৱনৰ ভেলা ঘৰৰ
পুতলা সজাম
দুয়োঃ-  'ক উৰি পখিলাটি
'গা ক'লা পাখি মেলি
তাৰ কথা ভাবি গুণি
কিনোবা কৰিম
পুৰুষ-  'ক উৰি পখিলাটি
'গা ক'লা পাখি মেলি
তাৰ কথা ভাবি গুণি
কিনোবা কৰিম ।।
-
কথাঃ- নৱকান্ত বৰুৱা
কণ্ঠঃ- দ্বীপেন বৰুৱা আৰু বৰ্নিকা বৰুৱা
বোলছবিঃ- ইটো সিটো বহুতো
পৰিচালকঃ- ব্ৰজেন বৰুৱা
সংগীত পৰিচালকঃ- ব্ৰজেন বৰুৱা
মুক্তিঃ- ১৯৬৩
ইউনিক’ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: