অনুসন্ধান আকাংক্ষাত

Monday, September 16, 2019

স্মৃতিৰ বুকুত থৈ যাম মোৰ

(স্মৃতিৰ বুকুত থৈ যাম মোৰ
প্ৰীতিৰ ৰঙা ৰক্ত লেখা) - ২
গাব জনম জীৱনৰ ডালে ডালে
কণ্ঠ সুৱদী বিহগী উষা
প্ৰীতিৰ ৰঙা ৰক্তলেখা
স্মৃতিৰ বুকুত থৈ যাম মোৰ
-
(দুখৰ এন্ধাৰ আহিব নিদিম
জোনৰ হিৰণ কিৰণ ঢালিম) -২
মৰতত ইন্দ্ৰ সভা পাতিম  -২
জ্বালি দ্বীপাগ্নি মঞ্চশিখা
প্ৰীতিৰ ৰঙা ৰক্তলেখা
স্মৃতিৰ বুকুত থৈ যাম মোৰ
-
(সৰগৰ নন্দন শূণ্য কৰিম
ধৰাৰ বুকুত গন্ধ আনিম) -২
আপোন গীতৰে জগত জিনিম -২
সঞ্জীৱনী মোৰ মাতৃভাষা
প্ৰীতিৰ ৰঙা ৰক্তলেখা
(স্মৃতিৰ বুকুত থৈ যাম মোৰ
প্ৰীতিৰ ৰঙা ৰক্তলেখা) -২
গাব জনম জীৱনৰ ডালে ডালে
কণ্ঠ সুৱদী বিহগী উষা
প্ৰীতিৰ ৰঙা ৰক্তলেখা...।।
-
কণ্ঠঃ ভূপেন হাজৰিকা
কথাঃ আনন্দিৰাম দাস 
ইউনিক'ড ৰূপান্তৰঃ অৰ্পনা প্ৰীতি গগৈ আৰু দিগন্ত শইকীয়া।

No comments: