অনুসন্ধান আকাংক্ষাত

Sunday, November 18, 2018

সঁচাকে কোৱা কথাটি কোৱা




নাৰীঃ-  সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা
পুৰুষঃ-(এ)নকওঁ নকওঁ ওহু নকওঁ
মোৰ চকুলৈ চোৱা
নাৰীঃ-  মোলৈ বাৰু তোমাৰ কিমান
মৰম আছে কোৱা
পুৰুষঃ-(এ)নকওঁ নকওঁ ওহু নকওঁ
নিজক সুধি চোৱা
-
[নাৰীঃ- সৌ লুইততে আছে যত ঢৌ
সিমান চাগে সিমান
পুৰুষঃ-আকাশতে যিমান তৰালি
বনে সিমান ]              
নাৰীঃ-  নকওঁ নকওঁ ওহু নকওঁ
নিজক সুধি চোৱা
        সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা
পুৰুষঃ-(এ)নকওঁ নকওঁ ওহু নকওঁ
মোৰ চকুলৈ চোৱা
-
[পুৰুষঃ-ভালপোৱা শুনা অপৰূপ এক নৈ
নাৰীঃ-  আশাৰ ঢৌৰে চিৰকাল থাকে বৈ ]
দুয়োঃ-  আমাৰ জীৱন একেখনি নৈ
সাগৰলে বৈয়ে যোৱা..
পুৰুষঃ-আমাৰ জীৱন একেখনি নৈ [নাৰীঃ- আলাপ শেষলৈ]
সাগৰলে বৈয়ে যোৱা.. ||

-
জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ কণ্ঠেৰে নিগৰিত গীত
বোলছবিঃ-                   ধৰ্মকাই
সংগীত পৰিচালকঃ-     জয়ন্ত হাজৰিকা
(ইউনিক'ড ৰূপান্তৰ:- অনুৰাধা বৰুৱা)

No comments: