অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2018

ৰাতি যে নিবিড় নিবিড় হ'ল

ওঁ.....ওঁ....ওঁ...
[ৰাতি যে নিবিড় নিবিড় হ'ল
জাগিলে সোণালী তৰা
গভীৰ হৃদয় ভৰা
বেদনা উচুপি ৰ'ল..] ←২
ৰাতি যে নিবিড় নিবিড় হ'ল
-
মনৰে ৰঙীন তুলিৰে
আকিলোঁ ছবিটি যাৰে
মন জানো পালোঁ হায়
ব্যথা মাথোঁ জাগি ৰ'ল
ৰাতি যে নিবিড় নিবিড় হ'ল
-
[প্ৰথম প্ৰেমৰে ফুল
প্ৰথম গীতৰে বাণী
দিছিলোঁ তোমাকে দান
অবুজ হেঁপাহ সানি..]←২
-
আকাশী বুকুতে জ্বলে
সোণালী তৰাৰে নিশা
যেন অগনিৰে শিখা
পৰাণ পৰশি গ'ল
ৰাতি যে নিবিড় নিবিড় হ'ল
জাগিলে সোণালী তৰা
গভীৰ হৃদয় ভৰা
বেদনা উচুপি ৰ'ল
ৰাতি যে নিবিড় নিবিড় হ'ল  ।।
-
ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত
কথাঃ লক্ষ্যহীৰা দাস
ইউনিক'ড ৰূপান্তৰঃ -
নিলাক্ষী দেৱী ডেকা , অনামিকা বৰা ,ৰোহিনী কুমাৰ দাস আৰু দিগন্ত শইকীয়া ।

No comments: