অনুসন্ধান আকাংক্ষাত

Monday, December 4, 2017

ইমান জোনাক যদি তুমি আনিছিলা

(ইমান জোনাক যদি তুমি আনিছিলা
ইমান পোহৰ যদি বিলাই দিছিলা)←২
মোৰ পৃথিৱীত কিয় ইমান আন্ধাৰ
এটি মাথোঁ সাৰথি নিশাৰ
জোনাকী পৰুৱা স্মৃতি তোমাৰ
স্মৃতি তোমাৰ...
ইমান জোনাক যদি তুমি আনিছিলা
ইমান পোহৰ যদি বিলাই দিছিলা
=
(তুমি গৰকা পথৰুৱা আলি
লাৱনি আঙুলিৰ ৰঙীন ফুলনি)←২
(পাহাৰৰ নামনিৰ পথাৰ শুৱনি
হেমন্তৰ সুবাসত শীতৰ গধূলি)←২
মোৰ পৃথিৱীত কিয় ইমান আন্ধাৰ
এটি মাথোঁ সাৰথি নিশাৰ
জোনাকী পৰুৱা স্মৃতি তোমাৰ
স্মৃতি তোমাৰ...
ইমান জোনাক যদি তুমি আনিছিলা
ইমান পোহৰ যদি বিলাই দিছিলা
=
হেৰাই গ'লা পথৰুৱা আলিত
হেৰালা এদিন সপোন সন্ধিয়াত
-
হেৰাই গ'লা পথৰুৱা আলিত
হেৰালা এদিন সপোন সন্ধিয়াত
(নাপাওঁ বিচাৰি আজি শীত বসন্ত
তোমাৰ পৰিচয়ৰ শৰত হেমন্ত)←২
(ইমান সুবাস কিয় বিলাইছিলা
মিচিকনি সদায় প্ৰভাত আনিছিলা)←২
(আজি নিতৌ প্ৰভাত শেৱালি বোটলা
সৰা শেৱালিত প্ৰেমৰ লগন বিচৰা)←২
দূৰৈ কিৰণ মোৰ শত প্ৰভাতৰ
শত প্ৰভাতৰ←৩  ।।
 
কণ্ঠঃ-        দ্বীপেন বৰুৱা
গীতিকাৰঃ- অৰূপ বৰবৰা
সুৰকাৰঃ-   জেঃ পিঃ দাস
ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: