পুৰুষঃ- ফাগুণৰে বা বলে
লিহিৰি লিহিৰি বনতে
নাৰীঃ- কিয় বাৰু মৌ সৰে
কাৰোবাৰে হাঁহিতে
[পুৰুষঃ- চিনাকি পিৰীতি ৰাগিতে
নাৰীঃ- যাঃ লাজো নাই কথাতে]←২
-
পুৰুষঃ- তোমাৰ চকুত আজি দেখোঁ
ফুল ফুলাৰ বতৰা
-
পুৰুষঃ- তোমাৰ চকুত আজি দেখোঁ
ফুল ফুলাৰ বতৰা
নাৰীঃ- ফাগুণ হ'লেই
ফুলে যে ফুল
কিয় উৰে ভোমোৰা
[পুৰুষঃ- যাদু লাগি ফাগুণৰ
নাৰীঃ- মনৰ লাহি পাহিতে]←২
[পুৰুষঃ- চিনাকি পিৰীতি ৰাগিতে
নাৰীঃ- যাঃ লাজো নাই কথাতে]←২
-
পুৰুষঃ- লাজুক লাজুক
তোমাৰে খোজ
কঁপে কিয় উলাহত
-
লাজুক লাজুক
তোমাৰে খোজ
কঁপে কিয় উলাহত
নাৰীঃ- বনৰীয়া লাহি জুৰি
ভৰে কিয় আহাৰত
[পুৰুষঃ- যাদু লাগি মৰমৰ
নাৰীঃ- নজনাকে মনতে]←২
[পুৰুষঃ- চিনাকি পিৰীতি ৰাগিতে
নাৰীঃ- যাঃ লাজো নাই কথাতে]←২
পুৰুষঃ- ফাগুনৰে বা বলে
লিহিৰি লিহিৰি বনতে
নাৰীঃ- কিয় বাৰু মৌ সৰে
কাৰোবাৰে হাঁহিতে
[পুৰুষঃ- চিনাকি পিৰীতি ৰাগিতে
নাৰীঃ- যাঃ লাজো নাই কথাতে]←২ ।।
-
[দ্বীপেন বৰুৱা আৰু অণিমা ভট্টাচাৰ্য্যৰ দ্বৈত কণ্ঠেৰে নিগৰিত]
[গীতৰ কথা:- নিৰ্মলপ্ৰভা বৰদলৈ]
[বোলছবি:- অভিযান, ১৯৭৩]
[ইনিক’ড ৰূপান্তৰঃ- দেৱব্ৰত বৰা, কৱিতা দত্ত গোস্বামী, অনন্যা বৰবৰা, বৰ্নালী দেৱী & মামনি মহন্ত]
[ইনিক’ড ৰূপান্তৰঃ- দেৱব্ৰত বৰা, কৱিতা দত্ত গোস্বামী, অনন্যা বৰবৰা, বৰ্নালী দেৱী & মামনি মহন্ত]
No comments:
Post a Comment