অনুসন্ধান আকাংক্ষাত

Thursday, April 13, 2017

অ’ আজি বিহু বিহু




Assamese Song:       O aji bihu hibu
Album:                       Faguni
Singer:                       Mahananda Majindar Boruah
Director:                     Siva Prasad Thakur
Music Director:           Dr. Upen Kakati
Year:                          1978


আজি বিহু বিহু
কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ
(হে) কেতেকী চৰায়ে
কাটে সৰু সূতা
মৰুৱা কাঠৰে যঁতৰ
-
-
ওলা নাজীতৰা
ওলা সোণেতৰা
ওলা অ দেকাটি
ৰঙৰে নিজৰা
কঁকাল ভাঙি ভাঙি
নাচিবি ঐ আইজনী
গাঁৱৰ বুঢামেঠা
জগৰ নধৰিবি
ৰচকী পখিলী নাচিবিহি
খোলাকৈ খামতেহে লিখিবি
পলুৱাই নিবৰ ভয় নাই
ৰাইজে নধৰে জগৰ
-
নাজীতৰা পিৰিতি কিনো ভুল
নাজীতৰা পিৰিতি কেঁচা সোঁত
নাজীতৰা ঐ
পিৰিতি যৌৱনৰ দৈ
-
নাজীতৰা এনুৱা পিৰিতি
নাজীতৰা এৰিব লাগিলে
নাজীতৰা ঐ..
যৌৱনো নাথাকে ৰৈ..
-
-
নাজীতৰা ফুলপানীচিগাতে
নাজীতৰা পিৰিতি শিকিলোঁ
নাজীতৰা তোৰে অ বেজাৰত
নাজীতৰা মৰোঁ মই দিচাঙত
নাজীতৰা ঐ...
টেটুতে কলহটি লৈ
-
এ....
এবেলা দুবেলা অ নাজীতৰা
বেলা তিনি বেলা
(হে) কিয় দেখা নিদিলা
যৌৱনৰ ফুল ফুলিবৰ বতৰ
-
এ....
এডৰা দুডৰা অ নাজীতৰা
মাটি তিনি ডৰা
পিৰিতিৰে ছপুৰা
আওপাকে নুঘূৰে যঁতৰ
-
ওলা নাজীতৰা
ওলা সোণেতৰা
ওলা অ দেকাটি
ৰঙৰে নিজৰা
কঁকাল ভাঙি ভাঙি
নাচিবি আইজনী
গাঁৱৰ বুঢামেঠা
জগৰ অ নধৰিবি  ।।


বোলছবি/এলবাম:        ফাগুনী
গায়ক/গায়িকা:            মহানন্দ মজিন্দাৰ বৰুৱা
পৰিচালকঃ                  শিৱ প্ৰসাদ ঠাকুৰ
সংগীত পৰিচালক:      ড° উপেন কাকতি
(ইউনিকড ৰূপান্তৰ:   দিগন্ত শইকীয়া & মৃণাল গোস্বামী)

No comments: