হেৰা বন্ধু !
হে প্ৰিয় নবীন !
লোৱা তুলি
তুলি লোৱা
বিদ্ৰোহ বহ্নিদগ্ধ
হৃদয়ৰ মহা অগ্নিবীণ
হেৰা বন্ধু বিপ্লৱী
প্ৰবীণ !
তুমি
সুনিপুণ
গোৱা গুণগুণ
দীপক ৰাগিণী,
ডেইপুৰি
লৈ যাওক
অসমৰ আকাশ অৱনী
নবীনৰ তন্দ্ৰাতুৰ
অলস বননি ৷
কবিতাৰ প্ৰণয়-ফুলনি
মুক্ত কৰা বিপ্লৱ ধ্বনি
বজোৱা, বজোৱা অগ্নিবীণ
হেৰা বিদ্ৰোহী নবীণ !
গোৱা
মহাতপস্যাৰ
তেজোদীপ্ত গান,
বিলাসৰ
সপোনৰ
জোনাকী
কাৰেং য’ত
চূৰ্ণ কৰি কৰা থানবান,
গোৱা বন্ধু প্ৰলয়ৰ গান
মুক্ত কৰা প্ৰচণ্ড ঊৰ্ম্মি সম সুৰ অভিমান ৷
যদি
বন্ধু ! নোগোৱাহে গান
যদি
বন্ধু কৰা অভিমান
নিৰ্জীৱ দেশৰ মোৰ
কেনেকৈ হ’ব
পৰিত্ৰাণ ?
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment