গাভৰু : চেনাই মোৰ অ’
গাভৰু কালতে
এজনী আছিলো
এজনী আছিলো
ফুলক নুবুলিলো ফুল
থুৰিয়া তামোলে
কোচে নধৰিছিল
কোচে নধৰিছিল
খোপাই নধৰিছিল ফুল
ডেকা : নবমী অ’
তেল পৰি পিছলা
ভৰি দিব নোৱাৰা
ভৰি দিব নোৱাৰা
ৰঙাজনৰ তেলীয়া সাঁকো
দিনটো নেদেখি
থাকিব নোৱাৰো
থাকিব নোৱাৰো
ৰাতি কেনে কৰি থাকো
গাভৰু : হাচতি হাচতি কৰ ডেকাটি
হাচতি ৰাখিছো বৈ
হাচতি পাবি তই মোকে নেপাৱ
গামোচা পাবি তই মনটি নেপাৱ
অ’........ই......
ভটিয়াই যাবি গৈ
কলবাৰী পাবি গৈ
চপাই নেকাটিবি পাত
আলহীৰ নিচিনা
খাবি চাউল সিধা
খাবি চাউল সিধা
মোৰে গাত নিদিবি হাত
ডেকা : গাভৰু অ’
তেলৰে বাটিতে
তেলে মলঙিলে
তেলে মলঙিলে
গাতে মলঙিলে ঘাম
পদুলিমুখতে সুহুৰি মাৰিবি
সুহুৰি মাৰিবি
দুয়ো একেলগে যাম
গাভৰু : মোকে লাগে লাগে কৰ ডেকাটি
তোলে যাবলে নাই মনটি
চকু কেৰাহিকৈ নাচাবি ডেকা
বাওনাই চন্দ্ৰক নেপাবি একা
অ’.... ই....
আমাকে পাবলৈ
গঙ্গা স্নান কৰ গৈ
গঙ্গা স্নান কৰ গৈ
বিধাতাৰ ধৰগৈ ভৰি
হাতত নধৰিবি
হাত যোৰ কৰিছো
হাত যোৰ কৰিছো
লাজতে যাম গৈ মৰি
চেনাই মোৰ অ’
চেনাই মোৰ অ’
চেনাই মোৰ অ’
চেনাই মোৰ অ’
( বোলছবি : মনপ্ৰজাপতি )
(ইউনিক'ডীয় ৰূপান্তৰ -দীপা ডেকা)
No comments:
Post a Comment