ভূ.হা. : হে চকলা টেঙাটি অকলে নেখাবি
হে আমাকো এচকল দে
হে ৰঙা গড়াৰ তললৈ
তেনেকে নেজাবি
হে আমাকো লগতে নে ঐ
অই !
নাৰী কণ্ঠ : তোকদেখি মোৰ গা
জিনজিন জানজান
ঝিনঝিন ঝানঝান
কুৰকুৰ কাৰকাৰ
পিৰপিৰ পাৰপাৰ
কৰে জান ঐ
তোকদেখি মোৰ গা
জিনজিন জানজান
ঝিনঝিন ঝানঝান কৰে
নৈ মালিনীৰ ৰঙাগড়া
পানীনো জিলমিলীয়া
পানীনো জিলমিলীয়া
মনেনো চুইয়ে যোৱা
হে মনেনো চুইয়ে যোৱা
চাই থাক চাই থাক
চাই থাক চাই থাক
হেপাহনো ঐ নপলায় মানে
ভূ.হা. : ঐ তোৰ কুমলীয়া
হাঁহিনো খিলখিলিয়া
হাঁহিনো খিলখিলিয়া
গোন্ধে আমোলমোলোৱা
গোন্ধে আমোলমোলোৱা
ৰৈ থাক গৈ থাক
ৰৈ থাক গৈ থাক
ৰঙা গড়া নেপাৱ মানে
হে শহুৰৰ জীয়েক ঐ
(অই..নাচাৱ কেলেই অ’ )
নাৰী কণ্ঠ : বাখৰ অ টেমেকা মন
ভূ.হা. : হেৰ” কোন জনাই সৰজিলে তোক
হে বাঁহ বিজুলীৰ বিচনী
হে তিনজনীৰ কোনজনী
সোণজনী মোৰ কোনজনী
হে চিনো চিনো লা লাগিছে
নাৰী কণ্ঠ : চিনাকী !
ভূ.হা. : হে মাতো মাতো লা লাগিছে
নাৰী কণ্ঠ : নিমাতী
ভূ.হা. : মিচিকমাচাক হা হাঁহিছে
নাৰী কণ্ঠ : কিয়নো ?
ভূ.হা. : ঘূৰি ঘূৰি চা
চাইছে
নাৰী কণ্ঠ : কাকেনো ?
ভূ.হা. : মাতোতে ভূলে ঐ ভূলে
হয় মোৰ জানোছা
মা মাতোতে ভূ ভূলে ঐ ভূলে
হয় মোৰ জানোছা
নাৰী কণ্ঠ : তোকদেখি মোৰ গা
জিনজিন জানজান
ঝিনঝিন ঝানঝান
কুৰকুৰ কাৰকাৰ
পিৰপিৰ পাৰপাৰ
কৰে জান ঐ
তোকদেখি মোৰ গা
জিনজিন জানজান
ঝিনঝিন ঝানঝান কৰে
নকৈছিলো তোক
ভূ.হা. : কি কৈছিলি ?
নাৰী কণ্ঠ : জাপি লাঠি তিয়নি
নেৰিবি ঐ নেৰিবি
এৰিবযে লাগিলে
থিয়ৈ থিয়ৈ মৰিবি চাবি
ভূ.হা. : বনিজলৈ গৈছিলো
তিয়নিখন নিনিলো
যাবৰ পৰত নেমাতিলি
কিনো জগৰ লগালো মই
নাৰী কণ্ঠ : কিনো ৰগৰ কৰিলি
তিয়নিখন নিনিলি
চেৰেং চেৰেং মনত পৰে
আহো ৰঙা গড়ালৈ বুলি
ভূ.হা. : এ দেহি কলঙে কলঙে
নাৰী কণ্ঠ : এ দেহি
ভূ.হা. : উজায়ে যায়ে নো গৈ
নাৰী কণ্ঠ : এ দেহি
ভূ.হা. : ৰহা চকীনো গৈ পালোহে ৰাম
নাৰী কণ্ঠ : এ দেহি
ভূ.হা. : ৰহাৰে ৰহেদৈয়ে
নাৰী কণ্ঠ : এ দেহি
ভূ.হা. : দিলে গাৰী দিয়া
নাৰী কণ্ঠ : এ দেহি
ভূ.হা. : ফুলাম ঔ ফুলীয়া গামোচা !
হে উজনিলে গৈছিলো !
নাৰী কণ্ঠ : জাপিটো নিনিলি
ভূ.হা. : ইচাত বিচাত লাগিছিল
নাৰী কণ্ঠ : দেই পূৰি মৰিলি
ভূ.হা. : হে উজনিলে গৈছিলো
নাৰী কণ্ঠ : জাপিটো নিনিলি
ভূ.হা. : ইচাত বিচাত লাগিছিল
নাৰী কণ্ঠ : দেই পূৰি মৰিলি
দ্বৈত কণ্ঠ : জুয়ে পোৰা সোণহেন দেহা
পোৰা মাটি কৰিলি
জুয়ে পোৰা সোণ হেন দেহা
পোৰা মাটি কৰিলি
নাৰী কণ্ঠ : চিনিব তই নোৱাৰা হলি
ভূ.হা. : হয়নে.....অই শুন
অ ইয়াতে মাৰিলো টিপা
বুইছ !
অ ইয়াতে মাৰিলো টিপা
গড়গাওঁ পালেগে শিপা
টিপামৰ ভাদৈয়ে দিলে কি চা ঐ !
টি: টিপামৰ ভা: ভাদৈয়ে দিলে কি চা ঐ
ছাঁতে শুকুৱা
মুঠিতে লুকুৱা
(হে) ছাঁতে শুকুৱা
মুঠিতে লুকুৱা
মিহি আশী সূতাৰ বৰখনীয়া
নাৰী কণ্ঠ : তোকদেখি মোৰ গা
জিনজিন জানজান
ঝিনঝিন ঝানঝান
কুৰকুৰ কাৰকাৰ
পিৰপিৰ পাৰপাৰ
কৰে জান ঐ
তোকদেখি মোৰ গা
জিনজিন জানজান
ঝিনঝিন ঝানঝান কৰে
ভূ.হা. : কি জানো বেহালো
লাঠিডালো নিনিলো
নাৰী কণ্ঠ : দিছিলো নিনিলি
ভূ.হা. : নিদিলি
নাৰী কণ্ঠ : দিছিলো
আহ ভনী !
এ এ এইজনী
আহ ভনী !
এ এ এইজনী
ব’ল জেং খৰি লুৰোং গৈ
জেং খৰি লুৰোং গৈ ব’ল
খৰি একোছা
ভূ.হা. : হলৌ গুৰি এখনি
শুনয়ত পতনি
কলচিখন তোৰে
জীৱনথকা পিৰীতিৰে বোকোচা
নাৰী কণ্ঠ : তোকদেখি মোৰ গা
জিনজিন জানজান
ঝিনঝিন ঝানঝান
কুৰকুৰ কাৰকাৰ
পিৰপিৰ পাৰপাৰ
কৰে জান ঐ
তোকদেখি মোৰ গা
জিনজিন জানজান
ঝিনঝিন ঝানঝান কৰে
ভূ.হা. : পিৰীতি নাভাগে
পিৰীতি নিছিগে
অ’ পিৰীতি নপৰে সৰি
নাৰী কণ্ঠ : যতে মেৰিয়াবি
ভূ.হা. : হয়নে ?
ততে মেৰে খাব
এ পিৰীতি মৰমৰ জৰী !
নাৰী কণ্ঠ : তোকদেখি মোৰ গা
জিনজিন জানজান
ঝিনঝিন ঝানঝান
কুৰকুৰ কাৰকাৰ
পিৰপিৰ পাৰপাৰ
কৰে জান ঐ
তোকদেখি মোৰ গা
জিনজিন জানজান
ঝিনঝিন ঝানঝান কৰে
ভূ.হা. : অ’ যতে মেৰিয়াবি
ততে মেৰে খাব
অ’ পিৰীতি মৰমৰ
জৰী
অ’ পিৰী..তি ম..ৰ..ম..ৰ জ..ৰী !
(ইউনিক'ডীয় ৰূপান্তৰ -দীপা ডেকা)
No comments:
Post a Comment