অনুসন্ধান আকাংক্ষাত

Sunday, September 2, 2012

গোদাবৰী নৈৰে পাৰৰে পৰা




গোদাবৰী নৈৰে পাৰৰে পৰা

অসমী আইলৈ যাঁচো প্ৰণাম

সেখন দেশ মোৰ দূৰণিৰ দেশ

তথাপি চিনাকী শুৱনী নাম

অসমী আইলৈ যাঁচো প্ৰণাম





জোনাকৰে ৰাতি চাগে অগ্নিগড়ত

ঊষা জনীয়ে আজিও বিনায়

মহাৰাষ্ট্ৰতো সীতাৰ বিলাপ শুনি

পঞ্চবটি বনে চকুলো সৰায়





(হেনো) শংকৰে দিছিলে মানবী ধৰম

দুৰ্জ্জেয় সাহ দিলে বীৰ লাচিতে

লোকপ্ৰিয় গোপীনাথে দিলে

মুক্তিৰ মহা প্ৰবাহ



মহাৰাষ্ট্ৰতো বীৰ শিবাজীয়ে

তিয়াগি নৃপৰ বিলাস

দেশৰ হকে জীৱন যাচিলে

গুৰু আছিল ৰাম দাস

মহান তিলক আৰু বীৰ চাভাৰকাৰে

যুঁজিছিল অবিৰাম

সেইখন দেশৰে জিয়ৰী ম‍ই

অসমী আইলৈ যাঁচো প্ৰণাম





ম‍ই মাৰাঠী গাৱৰে জিয়ৰী

নয়নত লাজ ভৰা চাৱনি

চাৱনি....চাৱনি



(পিচে) ৰণক্ষেত্ৰতে পোৱাড় গাঁও

আনন্দতে গাঁও লাৱন

সূৰুজ উঠাৰ আগতে ওবি

গাঁও প্ৰভুকে সুৱৰি

অসমৰ জিয়ৰীয়ে যেনেকৈ গায়

বৰগীত বিহু হুচঁৰি





লুইতৰ পাৰে পাৰে আছে হেনো কত

ধুনীয়া ধুনীয়া ধাম

সেইখন দেশ মোৰ দূৰণিৰ দেশ

তথাপি চিনাকী শুৱনী নাম

অসমী আইলৈ যাঁচো প্ৰণাম





(ইউনিকডীয় ৰূপান্তৰ-দীপা  ডেকা)

No comments: