শতিকাৰ ৰূপ
খেদোঁ
কিবা যেন বিচাৰি
খোজ মোৰ নিতে
আগুৱায়
মিছা এন্ধাৰে
চকু ভাগৰায়
বুকুৰ পোহৰে
শিখা বাঢ়ি যায় ৷
দিগ্ বলয়ৰ
বাটেৰে
বগাকৈ মন-বগ
কুঁৱলী ফালি উৰি
যায়
শতিকাৰ জ্যোতি
বলে
সাগৰৰ হিল্লোলে
মনৰে ৰথ মোৰ
নিয়ে কঢ়িয়ায় ৷
কবিতাৰ কণিকাই
জিলিকনি ছটিয়াই
জীৱনৰ বাট মোৰ
দিলে পোহৰাই
জীৱনৰ কথা ভাবি
মৰহ্মক মষিমূৰি
খোজ আলিৰে মোৰ
খোজ আগুৱায় ৷৷
(নিউ ইয়ৰ্ক : ১৯৫০ চন)
(ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ দিগন্ত শইকীয়া)
No comments:
Post a Comment