অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মানুহৰ দেহাতে জীৱই কলেমলায়


মানুহৰ দেহাতে ..
জীৱই কলেমলায়...
খাবলৈ খুদকণ না..ই
মানুহৰ ভোগতে
ভোগ পৰমানত
খুদকণ কমিলেই দায়.. !
খুদকণ কমিলেই দায়
মানুহৰ দেহাতে ..
জীৱই কলেমলায়
খাবলৈ খুদকণ না..ই
মানুহৰ ভোগতে
ভোগ পৰমানত
খুদকণ কমিলেই দায়.. !
খুদকণ কমিলেই দায়  ৷


হেৰা ভোগেশ্বৰ
ভোগমন ভোগাই .. !
হেৰা ভোগেশ্বৰ
ভোগমন ভোগাই
ভোগতে গৈছা বু..ৰ
ভোগতে গৈছা বুৰ..!
শুনা কাণে পাতি
জীৱৰে চিঞৰ
কলমলনিৰ সুৰ...
কলমলনিৰ সুৰ.... ৷

পেটৰ অগনিয়ে
সবাকো দংশিব !

পেটৰ অগনিয়ে
সবাকো দংশিব
জীৱৰে সৰুবৰ নাই
জীৱৰ সৰুবৰ নাই !
মানুহে মানুহক
মূৰ নুতুলিলে
মানুহে মানুহক খায় !
মানুহে মানুহক খায়
মানুহৰ দেহাতে ..
জীৱই কলেমলায়
খাবলৈ খুদকণ নাই
মানুহৰ ভোগতে
ভোগ পৰমানত
খুদকণ কমিলেই দায় !
খুদকণ কমিলেই দায় ৷৷

( পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ দ্বাৰা ৰচিত / সুৰাৰোপিত আৰু ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

2 comments:

Dr. Sukumar Baishya said...

এই গীতটো দৰাচলতে পাৰ্বতী প্ৰসাদ বৰুৱা দেউ ৰচিত তথা সুৰাৰোপিত| ভূপেনদাই কণ্ঠ নিগৰাই যাউতি যুগীয়া কৰিলে |

আকাংক্ষা (Akansya) said...

গীতটিত চকু ফুৰাই দিয়াৰ বাবে আপোনাক ধন্যবাদ , ঠিক কৰি দিয়া হ'ল ৷ আশা কৰো আন গীতকেইটাও সময় উলিয়াই অলপ চকু ফুৰাই দিব ৷