অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

প্রচন্দ ধুমুহাই প্রশ্ন কৰে মোক


প্রচন্দ ধুমুহাই
প্রশ্ন কৰিলে মোক ...
তোমাৰ প্রাপ্য কি কোৱা ?
মনৰ দুৱাৰ মেলি
নিৰ্ভীকভাৱে কলো ..
তোমাৰ শক্তিখিনি দিয়াঁ ৷
বজ্রৰ গৰ্জ্জনে বক্ষ উজাৰি কলে ...
তোমাৰ কাম্য কি কোৱাঁ ?
মই কলো বজ্রক,
তোমাৰ শক্তিশালী
উদাত্ত কন্ঠটি দিয়াঁ ৷

এদিন আকাশে কলে
জনৈক গীতিকাৰে
অকণি আকাশ দেখোঁ মাগে
তুমি কিয় আজি আৰু
কম্পিত কন্ঠেৰে
মাগিছাঁ সৰ্ব্বকাশ সত্তা ?
মই কলো তুমিয়েতো কৈছিলা ৰাতিপুৱা
যিমানে বিলাই দিবা সিমানে মহান হবা,
তাৰে নাম সঁচা উদাৰতা ৷
সেয়েহে আকাশ তুমি
দিব যদি খুজিছাঁই
সঙ্কীৰ্ণতা এৰি
দিয়াঁ অৱদান ৰূপে
তোমাৰ পূৰ্ণ বিশালতা,
দিয়াঁ যদি আজিয়েই দিয়াঁ ৷

মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্রচণ্ড শক্তি
বজ্রই দিলে মোক উদাত্ত কন্ঠ
আৰু দিলে সাহসৰ যুক্তি ৷

বজ্রৰ কন্ঠেৰে , ধুমুহাৰ শক্তিৰে
গীত গাই কঁপাম দিগন্ত
দানৱৰ সমাজতো গাম মানৱৰে গীত
কলিজাৰ সঁচা সুৰ-সিক্ত ৷

মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ

মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ

আকাশ ধুমুহা আৰু
বজ্রক তাৰ বাবে
শতবাৰ প্রণিপাত কৰোঁ
শতবাৰ প্রণিপাত কৰোঁ ৷

(কথাছবি, লটঘটি ,১৯৬৬ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: