অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

হে হে হে ঢোলে ডগৰে (দুয়োটি বাঁহী বাঁহৰে বাঁহী )


হে হে হে ঢোলে ডগৰে

হে হে হে হিয়াৰ উমেৰে

নেদেখা এনাজৰীৰে !

হে বান্ধো আমি পাহাৰ শিখৰৰে

মহান চিয়েমক !

হে হে হে চেৰাপুঞ্জীৰে

হে হে হে ভিজা আকাশৰে

উদাৰ মেঘে যেনেদৰে

সাৱটি ধৰে বাৰিষা ৰূপেৰে

আমাৰ লুইতক !

হে হে হে ঢোলে ডগৰে



কৃষ্ণ গৰখীয়াই বায় বাঁহী !



কৃষ্ণ গৰখীয়াই বায় বাঁহী

খাচী গৰখীয়াই বায় শ্বৰাতি

দুয়োটি বাঁহী

বাঁহৰে বাঁহী !

দুয়োটি বাঁহী

বাঁহৰে বাঁহী !

দুয়ো প্রকাশে একটি সুৰক !

হে হে হে ঢোলে ডগৰে

হে হে হে হিয়াৰ উমেৰে

নেদেখা এনাজৰীৰে

হে বান্ধো আমি পাহাৰ শিখৰৰে

মহান চিয়েমক !

হে হে হে ঢোলে ডগৰে

ওখ সৰলৰে পাত সেউজীয়া

আমাৰো আহঁত গছ সেই বৰণীয়া

ব্লেই বা জোনে

পাহাৰ ভৈয়ামতে..

ব্লেই বা জোনে

পাহাৰ ভৈয়ামতে

শাৰদী নিশা ঢালে একেই জোনাক !

ৰঙা পাহাৰৰে (হে) মাটি কাটি

খাচী কৃষকে খাটে দিনে ৰাতি

ভৈয়ামৰো খেতিৰ

হেজাৰ ৰংমনে

ভৈয়ামৰো খেতিৰ

হেজাৰ ৰংমনে

আঁকোৱালি ধৰিছে (এ) সেই কৃষকক !

হে হে হে ঢোলে ডগৰে ৷৷



[চিয়েম:                  খাচী ৰজা,
জেইন্ চেম্ :          খাচী গাভৰুৰ গাৰ কাপোৰ,
ব্লেই :                    জোন,
উব্লেই:                  ঈশ্বৰ,
শ্বৰাতি :                বাঁহৰ বাঁহি]


(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(মোম্বাই, ১৮/০৭/১৯৬৪)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: