অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ময়ূৰী ময়ূৰী


নায়ক:             ময়ূৰী ময়ূৰী
নায়িকা:           সুদৰ্শন,সুদৰ্শন
নায়ক:             মন ময়ূৰী
তুমি যেন মোৰ বন ময়ুৰী
তুমি যেন মোৰ মন ময়ুৰী
মই আলফুল ডাৱৰ,
তুমি যেন চঞ্চলা বন নিজৰা
পাৰশিচা মোৰ প্রেমৰ সাগৰ ৷৷
নায়িকা:           সুদৰ্শন,সুদৰ্শন
কাবৌ কৰোঁ হাতজোৰ কৰি,
উন্মত্ত প্রেমেৰে মন নিদিবা হৰি
ভয় লাগে কেতিয়াবা কাহানিৰ ভুলে
যদি আহে সগোপনে পিছলাই ভৰি,
মই বাট হেৰুৱা এক মন ময়ুৰী ৷
নায়ক:             ময়ুৰী, ময়ূৰী
কত জনম ঘূৰি খাই হাবাথুৰি
তোমাকেই যেন ফুৰিছোঁ বিচাৰি
এক পুণ্য ক্ষণত দিছাহি ধৰা
এক শূন্য শূন্য মন পূৰ্ণ কৰি
মই বিচাৰি ফুৰা মোৰ মন ময়ুৰী ৷৷

নায়ক:             কি যে কৰোঁ, কি যে নকৰোঁ
আগ বাঢ়োঁ নে নেবাঢ়োঁ;
শঙ্কা নে কিবা লাজ
প্রভাততে হয় কি সাজ ৷
নায়িকা:           কথা: অনুকম্পা নে প্রশ্রয়
নে সংশয়হীন আশ্রয় ?
তুমি বৰষাৰে জুই ৰূপ ধৰি
কম্পিতা ময়ুৰীক বলিয়া কৰি
হৰি নিলা মোৰ মন-প্রাণ,
সুদৰ্শন, সুদৰ্শন ৷
নায়ক:             ময়ুৰী, ময়ূৰী
নায়িকা:           ৰিম্ ঝিম্ ৰিম্ ঝিম্ নাচিছে
প্রেমৰে বৰষা বৰষিছে ..
নায়ক:             ডাৱৰে ডাৱৰে আজি ডঙ্কা বাজে
মন ময়ুৰী হিয়াতেই বাজে ৷
নায়ক:             ময়ুৰী
নায়িকা:           সুদৰ্শন
নায়ক:             ময়ুৰী
নায়িকা:           সুদৰ্শন
নায়ক:             ময়ুৰী
নায়িকা:           সুদৰ্শন

(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: