অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কি পালি কি পালি


কি পালি
কি পালি
একোতো নেপালি
উৰিলি তই যিমান
এটুকুৰা জোন
সোণৰনো দাম কিমান ?
কৌটি কৌটি
তৰাৰে জেউতি
মহা আকাশৰে বক্ষত ৷
সিপাৰত ঘূৰে
তই নজনাকৈ
আপোন আপোন কক্ষত ৷৷

কল্পনা তই
গাভৰু ছোৱালী
ভাৰত বৰিষৰে মান ৷
চাওলা ফৈদে
বাট চাই আছে
ঘূৰাই আন বিদ্যুৎযান ৷৷

অঙ্ক অঙ্ক
কিমান যে অঙ্ক
গণনা কৰ কিমান ?
ৰাখিলি নাৰীৰে মান ৷৷

চাওলা কল্পনা
আঁকিলি আলপনা
অঙ্কশাস্ত্রৰে জীয়াৰী
মহাকাশ বিশাল
হাতীপটি সহস্র
উৰিলি কিনো বিচাৰি ৷৷

পঞ্চনদীৰে মন্ত্র
বহুতো বিজ্ঞান তন্ত্র
লৈ উভতিলি
সাঁতুৰি- নাদুৰি....৷৷
কি পালি
কি পালি ?

(মুম্বাই: ২৫ মাৰ্চ, ২০০৩ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: