অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মহামানবৰ ত্যাগৰ অগনিয়ে


[ কথা:- মহামানবৰ ত্যাগৰ অগনিয়ে নাশিব স্বাৰ্থ অহঙ্কাৰ শান্তিদূতৰ শান্তিবাণী জনতাই কৰে নমস্কাৰ ৷ আজি সেই মহামানবৰ শান্তিৰ আদৰ্শক শিৰত লৈ সুন্দৰ সাম্যৰ সৃষ্টিৰ হকে আমি আগ বাঢ়িব লাগিব ৷ ]

গীত:-
আগ বাঢ়াঁ,বাঢ়াঁ আগ বাঢ়াঁ,
ডেকা-গাভৰুৰ দল ৷
জনতাৰ মৃত্যু এফাৰি বতাহে
আকাশ কঁপাই তোলে
গনে গনে কোলাহল ৷
ডেকা-গাভৰুৰ দল আগ বাঢ়াঁ
সঙ্কীৰ্ণতাৰ চিতাত চোৱাঁ
প্রগতিৰ ধল উঠিল
লা ডাৱৰৰ বিভীষিকাত
জেউতিৰ ৰহণ চৰিল ৷৷

এন্ধাৰ অতীতত জঁকাত চোৱাঁ
শোণিতৰ বান উঠিল
ডেকা-গাভৰুৰ দল
তুমি শান্তিৰ পৃথিৱীত বোলাই দিয়াঁ
সাম্যৰ নৱ বোল ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: